শিশুৰ চৰিত্ৰ গঠনত পিতৃ-মাতৃৰ দায়িত্ব- প্ৰাণ প্ৰতিমা বড়া

Pc Western Advocate

শিশুৰ চৰিত্ৰ গঠনত পিতৃ-মাতৃৰ দায়িত্ব

আজিৰ শিশু কালিলৈ এজন সুনাগৰিক ৷ এটি শিশুৰ মন এটি ফুলকুমলীয়া কুসুমৰ পাহিঁৰ দৰে ৷ এটি শিশুৰ মন বুজিবলৈ বা জানিবলৈ প্ৰতিজন মানুহৰ মনৰ মাজত এটি শিশু সুলভ মন থকাটো অতিকৈ প্ৰয়োজন ৷ সৰুৰেপৰা এটি সুপৰিবেশত ডাঙৰ হোৱা শিশু এটি মানসিক সদায়েই সুস্থ সবল হয় ৷ শিশু এটিৰ চাৰিত্ৰিক গঠনৰ ক্ষেত্ৰত কেইটামান মনকৰিবলগীয়া কথা হ’ল – শিশুটিৰ ঘৰুৱা পৰিবেশ ,মাক-দেউতাকৰ আচাৰ আচৰণ লগতে শিশুটিৰ পাৰিপাৰ্শ্বিক পৰিবেশ ৷ এই গোটেইকেইটা দিশৰ ভিত্তিত শিশু এটিৰ চাৰিত্ৰিক দিশ নিৰ্ভৰ কৰে ।সন্তানে মা দেউতাকক অনুকৰণ কৰি ভাল পায় ৷ শিশুৰ অথবা সন্তানৰ আইডিয়েল সদায়েই মাক দেউতাক ৷নিষ্পাপ সৰল মনৰ শিশু এটিয়ে সাধাৰণতে নিজৰ মাক-দেউতাকক তেওঁলোকৰ আদৰ্শ বুলি মনেৰে ভাবি লয় ৷ শিশুৰ মাক দেউতাকৰ আচৰণৰ প্ৰভাৱ সন্তানৰ ওপৰত পৰে ৷ শিশুৰ আগত কেতিয়াও মিছা কথা কব নালাগে ।মিছা কথাৰ প্ৰভাৱত শিশুৰ চাৰিত্ৰিক দিশত প্ৰত্যক্ষ প্ৰভাৱ পৰাটো খাতাং ৷ যদি পৰিয়ালত মা-দেউতাকৰ মাজত হাইকাজিয়া হৈ থকা শিশুৱে দেখি থাকে তেনে পৰিবেশত শিশু এটি স্বভাৱ কেতিয়াও সুস্থিৰ নহব পাৰে ৷ তাৰ বাবে মাকদেউতাক মুলতে জগৰীয়া হয় ৷পৰিয়ালৰ মাক-দেউতাকৰ লগতে আন আন সদস্যৰ মুখৰ কাহিতা কথাবোৰে বিশেষ প্ৰভাৱ পৰে শিশু এটিৰ ওপৰত ৷ শিশু এটি শিষ্টাচাৰ ভাল হবলৈ হ’লে মাক- দেউতাকৰ স্বভাৱচৰিত্ৰৰ তথা আচাৰব্যৱহাৰৰ প্ৰভাৱ স্পষ্ট হয় ৷ দাম্ভিক অহংকাৰী মাক-দেউতাকৰ সন্তান তথা শিশু এটি কেতিয়াও সহজসৰল হব নোৱাৰে , তেওঁলোকে মাক দেউতাক তথা পৰিয়ালৰ আন আন সদস্যৰ স্বভাৱ তথা আচৰণৰ অভ্যস্ত হৈ পৰে৷ শিশু এটি সদায়েই অনুকৰণপ্ৰিয়তা হয়,গতিকে সৰুৰেপৰা পৰিয়ালৰ মানুহৰ আচাৰআচৰণ দেখি শুনি সেই ব্যৱহাৰ তেওঁলোকে গ্ৰহণ কৰে ৷

শিশুৰ এটা চাৰিত্ৰিক দিশত প্ৰভাৱ পেলায় শিশুটিৰ পাৰিপাৰ্শ্বিক পৰিবেশে ৷ কিয়নো শিশু এটিয়ে ঘৰৰ অথবা পৰিয়ালৰ সদস্যসকলৰ মাজত সুস্থিৰ পৰিবেশ এটা পালেও ওচৰ চুবুৰীয়া মানুহৰ ঘৰত যদি হাইকাজিয়া দেখি থাকে নতুবা গালিগালাজ শুনি শুনিও কিছুমান বেয়া অভ্যাস লব পাৰে ,ই কেতিয়াও অসম্ভৱ কথা নহয় ৷ বিদ্যালয়লৈ যোৱা কিছুমান শিশুৰ ওপৰত সমনীয়া সহপাঠীৰ আচাৰব্যৱহাৰৰো প্ৰভাৱ পৰে ৷

আজিকালি বেছি সংখ্যক শিশুৰ মুখৰ ভাষা অসমীয়া শব্দৰ ঠাইত ইংৰাজী শব্দৰ ব্যৱহাৰেই অধিক শুনিবলৈ পোৱা যায়। মাহী-মুহা, পেহি- পেহা, তাৱৈ-আমৈৰ ঠাইত আংকুল আন্টি হৈছেগৈ ৷ আমি অভিভাৱক-অভিভাৱিকাসকল এতিয়াই সচেতন নহ’লে এটা সময়ত আমাৰ অসমীয়া ভাষাৰ অস্তিত্ব হেৰাই যোৱাৰ সম্ভৱনাই অধিক । শিশু আচাৰআচৰণ , শিষ্টাচাৰ, ভাষাৰ সুপ্ৰয়োগ আদি সৰু সৰু কথাবোৰত আমি অভিভাৱক-অভিভাৱিকাসকলে গুৰুত্ব দিয়াটো বৰ জৰুৰী ৷ শিশুসকলৰ ফুলকুমলীয়া মনত যাতে বেয়া চিন্তা, বেয়া আচৰণে বাহ লব নোৱাৰে তাৰ বাবে আমি সকলোৱে সৰুৰেপৰাই সতৰ্ক হোৱাটো বৰ দৰকাৰী কথা৷
এতিয়া আমি আহোঁ শিশুৰ অনুশাসনৰ কথালৈ ৷ সৰুৰেপৰাই সন্তানক কেতিয়াও অত্যাধিক শাসন কৰিব নালাগে ৷ শাৰিৰীক তথা মানসিকভাৱে শিশু এটা অপদস্থ কৰি থাকিলে শিশুটিয়ে আত্মবিশ্বাস হেৰুৱাব পাৰে ৷ তাৰ পৰিবৰ্ত্তে শিশুৱে কৰা যিকোনো ভুলৰ বাবে তেওঁলোকক কাষত লৈ বুজাবলৈ চেষ্টা কৰিব লাগে ।তেনে কৰিলে শিশুৱে নিজে কৰা ভুল কামৰ বিষয়ে বুজিবলৈ চেষ্টা কৰিব৷ আৰু এটা অতিকৈ গুৰুত্বপূৰ্ণ কথা আমি মন কৰাটো উচিত যে প্ৰতিটো শিশুৰ কিবা নহয় কিবা এটা দিশত পাৰ্গত , যেনে নাচ, গান,খেল,ছবি অকাঁ ইত্যাদি ইত্যাদি ৷গতিকে শিশুসকলৰ যি বিষয়ৰ প্ৰতি আগ্ৰহী সেই বিষয়টোত আমিবোৰে গুৰুত্ব দি তেওঁলোকক আগবঢ়াই নিবলৈ যত্ন কৰা উচিত তেতিয়া শিশুসকলৰো মন আনন্দিত হৈ উঠিব লগতে জীৱনত আগবাঢ়ি যাবলৈ প্ৰেৰণা পাব ৷

গতিকে আমাৰ শিশুসকল কালিলৈ আমাৰ লগতে দেশৰ ভৱিষ্যত। এজন বা এগৰাকী ভাল মানুহে নিজৰ লগতে আনৰো মংগল কৰিব পাৰে তাৰ বাবে লাগিব সততা, দৃঢ়তা, আস্থা,একাগ্ৰতা,মানবীয়তা আদি ৷ গতিকে আমি অভিভাৱক-অভিভাৱিকাসকলে আমাৰ সন্তানক সৰুৰেপৰাই এজন তথা এগৰাকী ভাল মানুহ হিচাপে গঢ় দিবলৈ চেষ্টা কৰিব লাগে ৷ তেতিয়াহে আমি আমাৰ সমাজ তথা জাতিৰ মংগল কামনা কৰিব পাৰিম ৷

প্ৰাণ প্ৰতিমা বড়া
গুৱাহাটী