লীলাকান্ত মহন্তৰ বিয়োগত ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্র কামাখ্যা প্রসাদ তাছাৰ শোক প্ৰকাশ

লীলাকান্ত মহন্তৰ বিয়োগত ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্র কামাখ্যা প্রসাদ তাছাৰ শোক প্ৰকাশ

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা-   শিৱসাগৰ জিলাৰ শ্ৰীশ্ৰী বৰখাতপাৰ সত্ৰৰ সত্ৰাধিকাৰ, বৈষ্ণৱ পণ্ডিত লীলাকান্ত মহন্তৰ বিয়োগত ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্র সাংসদ কামাখ্যা প্রসাদ তাছাই গভীৰ শোক প্ৰকাশ কৰিছে। এক শোকবার্তাত সাংসদ গৰাকীয়ে কয়, প্রয়াত মহন্তই ১৪ খনৰো অধিক গ্ৰন্থ ৰচনা কৰি অসমীয়া বৈষ্ণৱ সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে। ১৯৭০ চনতেই বৃন্দাবন সাংস্কৃতিক দলক তেখেতে নেতৃত্ব প্ৰদান কৰি দিল্লীত ভাওনা প্ৰদৰ্শন কৰিছিল। গুৰু দুজনাৰ একান্ত সেবক, সাহিত্যিক তথা শংকৰী সংস্কৃতিৰ অন্যতম পুৰোধা ব্যক্তি লীলাকান্ত মহস্তদেৱৰ বিয়োগ আমাৰ সমাজ জীৱনৰ বাবে এক বৃহৎ ক্ষতি। ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্র গৰাকীয়ে লীলাকান্ত মহন্তৰ আত্মাৰ চিৰশান্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱা লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছে।