নাগালেণ্ডত ৮৩% আৰু মেঘালয়ত ৭৪% লোকে দিলে ভোট

Pc The Economic Times

নাগালেণ্ডত ৮৩% আৰু মেঘালয়ত ৭৪% লোকে দিলে ভোট

ৰঙিলী বাৰ্ত্তাসেৱা-  মেঘালয় আৰু নাগালেণ্ডত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়। দুয়োখন ৰাজ্যৰ ১১৮টা সমষ্টিৰ বাবে কটকটীয়া নিৰাপত্তাৰ মাজতে ভোটগ্ৰহণ অনুষ্ঠিত হয়। অহা ২ মাৰ্চত প্ৰকাশ পাব মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ফলাফল। মেঘালয় আৰু নাগালেণ্ডৰ ৫৯-৫৯খন আসনৰ বাবে ভোটদান হয়। নাগালেণ্ডত ৬০খন বিধানসভাৰ আসন আছে যদিও আকুলুটো বিধানসভাৰ আসনৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাত নিৰ্বাচিত হৈছিল বিজেপি প্ৰাৰ্থী কাজেটো কিনিমি। শেহতীয়া তথ্য অনুসৰি, সন্ধিয়া ৫ বজালৈকে মেঘালয়ত ৭৪.৩২ শতাংশ আৰু নাগালেণ্ডত ৮২.৪২ শতাংশ ভোটগ্ৰহণ হৈছে। ইফালে ইণ্ডিয়া টুডে আৰু এক্সিছ মাই ইণ্ডিয়া এক্সিট প’লৰ তথ্য অনুসৰি মেঘালয়ত এন পি পিয়ে ১৮-২৪খন, বিজেপিয়ে ৪-৮, কংগ্ৰেছে ৬-১২, টিএমচি ৫-৯ আৰু আনসকলে ৪-৮ আসন লাভ কৰাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। ত্ৰিপুৰাৰ ক্ষেত্ৰতো ইণ্ডিয়া টুডে-এক্সিছ মাই ইণ্ডিয়া এক্সিট প’লৰ তথ্য অনুসৰি ত্ৰিপুৰাত বিজেপিয়ে ৬০খন আসনৰ ভিতৰত ৩৬-৪৫খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। টিএমপি (তিপ্ৰা মোথা)য়ে ৯-১৬ খন আৰু বাও দলে ৬-১১ খন আসন পোৱাৰ সম্ভাৱনা আছে। নাগালেণ্ডৰ এগজিট প’লৰ হিচাপ অনুসৰি ৰাজ্যখনৰ ৬০খন আসনৰ ভিতৰত বিজেপি-এনডিপিপিৰ মিত্ৰজোঁটে ৩৮-৪৮খন আসন লাভ কৰিব পাৰে। এন পি এফে ৩-৮ খন আসন, কংগ্ৰেছে ১-২ খন আসন আৰু আনসকলে ৫-১৫ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে ।