শোণিতপুৰত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল ৫ যুৱকৰ

শোণিতপুৰত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল ৫ যুৱকৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  শোণিতপুৰত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল ৫ যুৱকৰ। শোণিতপুৰৰ বালিপৰাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। এখন ছুইফ্ট ডিজায়াৰ বাহন দুৰ্ঘটনাত পতিত হোৱাৰ ফলত বাহনখনত থকা ৫ যুৱকৰ থিতাতে মৃত্যু হয়। নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে বাহনখন। মিট চাপ্লাইৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। বাহনখন বালিপৰাৰ পৰা তেজপুৰ অভিমুখে গৈ থকাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো।দুৰ্ঘটনাত মৃত্যু হোৱা যুৱককেইজনৰ নাম দীপেন বৰা, বিদ্যুৎ নাথ, আকাশদ্বীপ বৰা, ভাইকণ পটংগীয়া আৰু বিশ্বজিৎ। দীপেন বৰাৰ ঘৰ গটঙাত আৰু বিদ্যুতৰ ঘৰ বেছেৰীয়াত বুলি জানিব পৰা গৈছে।