অনলাইন বাৰ্ত্তাসেৱা – দ্বিতীয় বাৰৰ বাবে বিজেপিয়ে শাসনভাৰ গ্ৰহণ কৰাৰ পিছত সোণোৱালৰ পিছত হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দ্বায়ীত্ব গ্ৰহণ কৰে। বিজেপি সূত্ৰৰ পৰা জানিব পৰা গৈছে যে দলৰ নেতৃত্বৰ দ্বৰা সোণোৱালক দিল্লীলৈ মাতি পঠিওৱা হৈছিল।
প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীত্বৰ দ্বায়ীত্ব পোৱাৰ সম্ভাৱনা আছে। তেখেত বৰ্তমান দিল্লীত উপস্থিত হৈছে আৰু ইয়াৰ লগতে তেখেতক কোনো এখন ৰাজ্যৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰো অনুমান কৰিব পৰা যায়।