মহানগৰীত সুন্দৰী যুৱতীসহ গ্ৰেপ্তাৰ তিনি প্ৰৱঞ্চক
ৰঙিলী বাৰ্ত্তাসেৱা- অপৰাধ–প্ৰৱঞ্চনাৰ ঘাটি হৈ পৰিছে গুৱাহাটী মহানগৰী! পুনৰ মহানগৰীত আৰক্ষীৰ জালত পৰিল দুই যুৱকসহ এগৰাকী মহিলা প্ৰৱঞ্চক। ভঙাগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনি প্ৰৱঞ্চকক। ধৃত যুৱক দুজন গীতানগৰৰ জ্যোতিষ্মান লহকৰ আৰু নাগালেণ্ডৰ ৰাজেশ মণ্ডল। ওদালবাক্ৰাৰ পৰা আৰক্ষীয়ে আটক কৰে প্ৰৱঞ্চকৰ দলটোক। অভিযোগ অনুসৰি, এই ৩ প্ৰৱঞ্চকে দীৰ্ঘদিন ধৰি বহু লোকক লুটপাত চলাই আহিছিল। বৰ্তমান যুৱতীগৰাকীক পাণবজাৰ মহিলা থানাত ৰখাৰ বিপৰীতে যুৱক দুজনক ৰখা হৈছে ভঙাগড় থানাত। কেইদিনমান পূৰ্বে পল্টন বজাৰ থানাৰ ম’বাইল চুৰিৰ গোচৰত সাঙোৰ খাইছিল ধৃত যুৱতীগৰাকীৰ নাম। ৰিয়েল ইষ্টেট ব্যৱসায়ত জড়িত বুলি কৈ মানুহৰ পৰা ধন সৰকোৱাৰ অভিযোগ যুৱতীগৰাকীৰ বিৰুদ্ধে। এখন সুৰা বিপণীৰ পৰা ১ লাখ টকা ধন লৈ পলাই ফুৰিছিল ৩ প্ৰৱঞ্চক। ঋষিৰাজ শইকীয়া নামৰ এজন ব্যৱসায়ীয়ে ৭ ফেব্ৰুৱাৰীত এই প্ৰৱঞ্চকৰ গেংটোৰ বিৰুদ্ধে গোচৰ তৰিছিল ভঙাগড় থানাত। গড়চুক থানা, দিছপুৰ থানাকে ধৰি মহানগৰীৰ কেইবাখনো থানাত ৰুজু হৈ আছে গোচৰ।