যোৰহাটৰ চ’ক বজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত

যোৰহাটৰ চ’ক বজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত

ৰঙিলী বাৰ্ত্তাসেৱা-  যোৰহাটৰ চ’ক বজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। বৃহস্পতিবাৰে নিশা জুই লাগি যোৰহাট চ’ক বজাৰৰ প্ৰায় ৩০০ খন দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। বিধ্বংসী জুইৰ ফলত মাত্ৰ দুঘণ্টাৰ ভিতৰতে চ’ক বজাৰখন সম্পূৰ্ণৰূপে নিঃশেষ হৈ পৰিল। বৰ্তমান এই চ’ক বজাৰ ধ্বংসস্তূপত পৰিণত হৈছে। উল্লেখ্য যে, অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পিছতেই ২৪ খনকৈ অগ্নিনিৰ্বাপক বাহন আহি জুই নিৰ্বাপনৰ চেষ্টা চলাই যদিও এই জুই সম্পূৰ্ণৰূপে নিৰ্বাপিত হোৱা নাই। বৰ্তমানেও উমি উমি চ’ক বজাৰৰ জুই জ্বলি আছে। এই জুই নুমুৱাবলৈ অইল, ONGC, বায়ু সেনা বাহিনীৰ পৰাও অগ্নিনিৰ্বাপক বাহন অনা হৈছে। ইফালে, অগ্নিনিৰ্বাপক বাহন আধা ঘণ্টা পলমগৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।জানিব পৰা মতে, শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল। এই জুইৰ পৰিণতি ইমানেই ভয়ংকৰ যে ইয়াৰ ফলত যোৰহাট চ’ক বজাৰ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হোৱাৰ লগতে জুইৰ উত্তাপত বজাৰৰ কাষত থকা বিল্ডিঙতো ফাট মেলিছে।