নৱপ্ৰজন্মৰ ধৈৰ্য্য, স্থিৰতা আৰু একাগ্ৰতাৰ প্ৰতি ভাবুকি-চন্দ্ৰ শেখৰ পৰাজুলী

নৱপ্ৰজন্মৰ ধৈৰ্য্য, স্থিৰতা আৰু একাগ্ৰতাৰ প্ৰতি ভাবুকি
     বৰ্তমান সময়ত মানুহৰ জীৱন, পৰিৱেশ, পৰিস্থিতি, প্ৰকৃতি-সকলো দিশতে অতি দ্ৰুত গতিত পৰিৱৰ্তনৰ ধুমুহা আহিব ধৰিছে। তাৰ বাবে আমি যিকোনো পৰিস্থিতিতে নিজকে খাপ খোৱাকৈ নিজকে সক্ষম আৰু সমৰ্থ কৰি ৰখা অতি প্ৰয়োজন। পাৰিলে প্ৰয়োজনতকৈ অধিক শক্তিশালী, উদ্যমী, আৱেগিকভাৱেও মজবুত হোৱা দৰকাৰ হৈ পৰিছে। আচলতে বৰ্তমানৰ সময়খিনি উঠি অহা নৱপ্ৰজন্মৰ ব্যক্তিত্ব বিকাশ আৰু সুস্থ-সবল জীৱন প্ৰণালীৰ বাবে ডাঙৰ ভাবুকি। কাৰণ আজিৰ সময়ত নৱজাত শিশুসকল অলপতে অধৈৰ্য্য হৈ পৰা দেখা যায় আৰু লগতে স্থিৰতা,একাগ্ৰতাৰ সৈতে একেটা দিশতে নিজকে নিয়োজিত কৰাত বহুতো ব্যাঘাত আহি পৰিছে। আচলতে ইয়াৰ বাবে সম্পূৰ্ণ দায়ি আমি একবিংশ শতিকাত বসবাস কৰা সকলো জনগন। অৰ্থাৎ দ্ৰুত গতিত বিকাশ আৰু নিজকে দ্ৰুত গতিত প্ৰতিষ্ঠা কৰাৰ মনসাৰে আমি এক উশৃংখল সমাজ সৃষ্টিৰ দিশে হাবিয়াস হৈছোঁ। চাওঁক ইয়াতে সৰু এটি উদাহৰণ জৰিয়তে আপোনালোকক আলোকপাত কৰিবলৈ বিচাৰিছোঁ। আজিকালি প্ৰতিজন যুৱক-যুৱতীয়ে নিজৰ হাতে হাতে থকা স্মাৰ্ট ফোনৰ জৰিয়তে আধা চেকেণ্ডত সমাপ্ত হোৱা ভিডিও বা এতিয়াৰ সহজ ভাষাত বুজাবলৈ হ’লে ইনষ্টা-ৰিল দৰে ভিডিও ভৈয়াৰ কৰা বা তেনেধৰণৰ ভিডিও চাই সময়বোৰ অতিবাহিত কৰাৰ প্ৰতি আকৃষ্ট হোৱা দেখা যায়। ইয়াৰ ফলস্বৰূপে চেকেণ্ডৰ ভিতৰতে মানসিক স্থিতিত সালসলনি হোৱা পৰিলক্ষিত হয়। ইয়াৰ জৰিয়তে বৰ্তমানৰ ল’ৰা ছোৱালীৰ মাজত মানসিক ভাৰসাম্য, স্থিৰতা,ধৈৰ্য্য, আৰু একাগ্ৰতা প্ৰতি ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।
                  চাওক আমাক যিকোনো দিশতে পাৰ্গত বা জ্ঞান আয়ত্ত কৰিবলৈ হ’লে কিছু পৰিমাণে হ’লেও সেই দিশবোৰক লৈ সময় অতিবাহিত কৰিব লাগিব। আচলতে নিজে ভাবি চাওক সেই আধা মিনিটৰ ইনষ্টা ৰিল তৈয়াৰ কৰিবলৈ হ’লেও তাৰ আগতে কিমানখিনি সময় লৈ পূৰ্বে প্ৰস্তুতি কৰিবলগীয়া হয়। গতিকে দ্ৰুত গতিত কাম কৰা মনসাৰে বৰ্তমান যুৱক- যুৱতীৰ মনত কেৱল এক বিশৃংখলতাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আগৰ দিনবোৰৰ তুলনাত বৰ্তমানে অত্যাধিক বৃদ্ধি পোৱা দেখা গৈছে। এতিয়া নিজে নিজে সজাগ হ’বলৈ হ’ল। নহলে এসময়ত গৈ ইয়াৰ ভয়ানক পৰিণতিৰ সন্মূখীন হ’ব লাগিব ।
চন্দ্ৰ শেখৰ পৰাজুলী
বিশ্বনাথ চাৰিআলি,অসম