নিৰ্ভীক, নিৰপেক্ষ সাংবাদিক
আব্দুৰ ৰশিদ
বৰপেটা, মইনবৰী
বলিষ্ঠ কন্ঠৰে
সত্যবাদী ভাৱধাৰাৰে
ওলাই আহি
কলমৰ শক্তিৰে
বুজাই দিয়া
তুমিয়েই নিৰ্ভীক, নিৰপেক্ষ সাংবাদিক।
থমকি নাযাবা কেতিয়াও তুমি ।
হাজাৰ বাধা আহিলেও
বাধাৰ প্ৰাচীৰ ভাঙি
সততাৰে আগবাঢ়ি যোৱা,
কেতিয়াও নকৰিবা নত শিৰ
কলমৰ শক্তিৰে বুজাই দিয়া
তুমিয়েই নিৰ্ভীক, নিৰপেক্ষ সাংবাদিক।
“গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ”
সশ্ৰদ্ধাৰে বুকুত লৈ
সততাৰে
আগবাঢ়ি যোৱা
তেতিয়াহে দিব পাৰিবা পৰিচয়
তুমিয়েই নিৰ্ভীক, নিৰপেক্ষ সাংবাদিক।।
অকল
বিলাসীতা জীৱনেৰে অতিবাহিত কৰা
অভিনেতা, অভিনেত্ৰী,
মন্ত্ৰী, বিধায়কতকৈ
গুৰুত্ব দিয়া তুমি,
সেই ৰেল লাইনৰ দাঁতিৰ কাষত থকা,
নগৰ-মহানগৰৰ অলিয়ে-গলিয়েত থকা
অমানৱীয় ভাৱে বসবাস কৰা
দৰিদ্ৰ-নিছলাৰ ওচৰত থিয় হৈ
বলিষ্ঠ কন্ঠৰে
কলমৰ শক্তিৰে বুজাই দিয়া
তুমিয়েই নিৰ্ভীক, নিৰপেক্ষ সাংবাদিক।।
তুমি কৰা প্ৰতিবাদ সাহসেৰে
কয়লা মাফিয়া, ভূ-মাফিয়া ,
চুপাৰী চিণ্ডিকেড, চান্দাবাজীৰ বিৰুদ্ধে
বলিষ্ঠ কন্ঠৰে প্ৰতিবাদ কৰি
কলমৰ শক্তি প্ৰয়োগ কৰি
বুজাই দিয়া
তুমিয়েই নিৰ্ভীক, নিৰপেক্ষ সাংবাদিক।।
প্ৰাকৃতিক দুৰ্যোগকো নেওচি
নিজৰ জীৱন তুচ্ছ কৰি
নিষ্ঠাৰে যুগুতোৱা খবৰ
অথলে নযোৱাকৈ
জনতাৰ পক্ষত থাকি
কলমৰ শক্তিৰে লিখি
বলিষ্ঠ কন্ঠৰে প্ৰতিবাদ কৰি
বুজাই দিয়া
তুমিয়েই নিৰ্ভীক, নিৰপেক্ষ সাংবাদিক।
কাৰো প্ৰৰোচনাত নপৰি
তোমাৰ সত্যতাক
কালিমা না সানি
বলিষ্ঠ কন্ঠৰে প্ৰতিবাদ কৰি
কলমৰ শক্তিৰে
বুজাই দিয়া
তুমিয়েই নিৰ্ভীক, নিৰপেক্ষ সাংবাদিক।।