বাল্য বিবাহ (Child Marriage)
বাল্য বিবাহ হৈছে এগৰাকী নাবালিকা বা ১৮ বছৰৰ তলৰ এগৰাকী ছোৱালীক তেতিয়া এজন প্ৰাপ্তবয়স্ক পুৰুষলৈ বিয়া দিয়া প্ৰণালীটোকে বাল্য বিবাহ বুলি কব পাৰি। ভাৰতৰ কিছুমান সমাজ ব্যৱস্থাতো এই বাল্য বিবাহ প্ৰচলন আছে ।
বাল্য বিবাহৰ আন এটা ৰূপ হৈছে লʼৰা আৰু ছোৱালীক অতি সৰুতেই বিয়া পাতি থয় । তেওঁলোকে সৰুতেই দৰা-কইনা হিচাবে ঠিক কৰি ৰাখে। যেতিয়ালৈকে সিহঁতৰ উপযুক্ত বয়স নহয় তেতিয়ালৈকে সিহঁতৰ মাজত দেখা দেখি নহয়।
যি সময়ত এই প্ৰথা প্ৰচলিত আছিল । সেই সময়ছোৱাত বহু ছোৱালী বহুত কম বয়সত বিবাহ পাশত আৱদ্ধ হ’ব লগা হৈছিল।
১৯০০চনৰ কথা মহীশূৰৰ মহাৰজা কৃষ্ণৰাজ ৱাদিয়াই ১২বছৰীয়া ছোৱালী এগৰাকী লগত বিবাহ পাশত আৱদ্ধ হৈছিল। সেই সময়ত কৃষ্ণৰাজ ৱাদিয়াৰ বয়স ১৬ বছৰ আছিল । সেই সময়ত সমাজত বহু সমস্যাই দেখা দিছিল।বাল্য বিবাহৰ বাবে ছোৱালী বোৰ আধাতে বিদ্যালয় এৰিব লগা হয় ,যাৰ বাবে তেওঁ লোক কৰ্ম সংস্থাপনৰ পৰাও বঞ্চিত হয়। অতি কম বয়সত গৰ্ভৱতী হয় আৰু গৰ্ভৱতী অৱস্থাত মহিলাৰ মৃত্যুৰ সম্ভাৱনীয়তা হয় । বাল্য বিবাহ বা কম বয়সত বিবাহ হোৱা ফলত গৰ্ভৱতী অৱস্থাত মৃত্যুৰ আকোঁৱালি ল’ব লগা হয় । বাল্য বিবাহ ই এক সমাজৰ কু প্ৰথা । শাৰীৰিক অপৰিপক্ক বয়সত ছোৱালীক বিয়া দিয়াৰ ফলত প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ হাৰো সৰ্বাধিক হোৱা দেখা যায়। বাল্য বিবাহৰ ফলত কিছুমান সমস্যা ও দেখা দিয়ে । বাল্য বিবাহে সমাজত লিংগ অসমতা,লিংগ বৈষম্য,লিংগ প্ৰান্তীকীৰণ আৰু শ্ৰম বিভানৰ ধাৰা অব্যাহত ৰখাত অৰিহণা যোগায়,তাৰ ফলত বহু প্ৰতিভা সম্পন্ন লʼৰা ছোৱালীয়ে নিজৰ গুণাৱলী আৰু সৃজনীশীলতাৰে সমাজলৈ অৱদান বাধা প্ৰাপ্ত হয়। ফলস্বৰূপে সমাজৰ উন্নতি আৰু প্ৰগতিৰ বাধা প্ৰাপ্ত হয় । সেই বাবে বাল্য বিবাহ এক প্ৰকাৰ সমাজৰ কু প্ৰথা বুলি ক’ব পাৰি।
বৰ্তমান সময়ছোৱাত সমাজত বাল্য বিবাহ আকৌ প্ৰচলন হৈ, যদিও কম পৰিমাণে হয় ।যাৰ বাবে ভাৰত চৰকাৰে এক আইন হাতত তুলিছিল। বিবাহৰ বাবে লʼৰা উপযুক্ত বয়স ২১ বছৰ আৰু ছোৱালীৰ বয়স ১৮ বছৰ ।এই বয়সৰ তলত বিবাহ পাশত আৱদ্ধ হ’লে আইনভাৱে অবৈধ বিবাহ বুলি ঘোষণা কৰা হয় ।
এই আইন ও যেতিয়া বিফল হ’ল ।তাৰ পিছত ভাৰত চৰকাৰে ১৯২৯ চনত এখন আইন বলৱৎ কৰে, বাল্য বিবাহ নিৰোধক আইন ১৯২৯,(child Marriage Restraint Act,1929) এই আইনতো চৰকাৰে বিফলতাৰ সন্মুখীন হৈছিল।তাৰ বাবে ২০০৬চনত আইনৰ সংশোধন ঘটাই ২০০৬চনৰ আইনখন বলৱৎ কৰি হয় ।এই আইন যদিও কাৰ্য্যকৰী কৰি আছে। কিন্তু তাৰ সমান্তৰালকৈ কিছু পৰিমাণে বাল্য বিবাহ চলি আছে ।
বাল্য বিবাহ যদি আমি ৰোধ কৰি বিচাৰোঁ ।তেনেহʼলে আমি লগতে অভিভাৱকেও সচেতন হ’ব লাগিব।
১) অভিভাৱক সকলক সাক্ষৰ কৰি তোলা। তেওঁলোকৰ মাজত সজাগতাৰ সৃষ্টি কৰা ।
২) চৰকাৰী আৰু বেচৰকাৰী সংগঠন সমূহে বাল্য বিবাহ নিষিদ্ধ কৰণ আইনৰ সফল ৰূপে কাৰ্য্যকৰী কৰণত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
৩)কম বয়সীয়া মহিলা সকললৈ অধিক সা সুবিধা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে।
৪) বাল্য বিবাহ নিষিদ্ধ কৰণ আইন উলংঘাকাৰীক কঠোৰ শাস্তিৰ ব্যৱস্হা কৰা ।
সেই বাবে আমি সজাগ হ’ব হ’ল ।নিজৰ সন্তান বা ছোৱালীক কিয় আমি কম বয়সত বিয়াৰ দিবলৈ বিচাৰোঁ ।এনে ভুল যাতে আমি নকৰোঁ।কম বয়সৰ ছোৱালীৰ কম মন মগজু ও বৰ কম থাকে। সেই বাবে আমি নিজৰ ছোৱালীক তাইৰ আচৰণ আৰু কৰ্ম ,স্বভাৱ ,চৰিত্ৰৰ ওপৰত শিক্ষা দিয়া জৰুৰী।কাৰণ কিছুমান ছোৱালী কম বয়সত প্ৰেমত পৰি অতি কম বয়সত বিবাহ পাশত আৱদ্ধ হয়।যাৰ ফলত কিছুমান সমস্যাত ভুগিব লগা হয়।
যেনে – লʼৰা জনৰ মাকে যদি মৰমৰ ভাষাৰে ক’ব অলপ টানকৈ কৈ দিলে । ছোৱালী জনীৰ মন বৰ বেয়া কৰি খোৱা বোৱা এৰি দিয়ে , আৰু লʼৰাটোক কʼব যে- মোৰ মা আজি লৈকে মোক গালি দি নাপালে কিন্তু তোৰ মা আজি মোক এনেকৈ ক’লে , মই তোৰ লগত নাথাকো। মই ঘৰলৈ যাম বুলি কৈ লʼৰাটোৰ মনতো দুখত ভাগি পৰে । অৱশেষত লʼৰাটো নিজৰ ঘৰ এৰি ছোৱালী জনীৰ ঘৰত বস বাস কৰিব লগা হয় ।তেনে ক্ষেত্ৰত বহুতো ছোৱালী আত্মা হত্যা ও হ’ব লগা হয় । সেই বাবে আমি সজাগ হ’ব লাগে। উপযুক্ত বয়সত লʼৰা বা ছোৱালী জনীক বিয়া দিয়ক আৰু এখন শৃংখল সমাজ হয় উঠিব কম বয়সত বিবাহ পাশত আৱদ্ধ কৰাত সমাজখন বহু বিশৃংখলৰ সৃষ্টি হয়।
মিন্টু গোৱলা,
লখিমপুৰ কদম
লখিমপুৰ কদম