প্ৰকৃতি প্ৰীতি- ৰশ্মিৰেখা দুৱৰা

Pc Wallpaper Abyss- Alpha Coders

প্ৰকৃতি প্ৰীতি

ৰশ্মিৰেখা দুৱৰা
ডিব্ৰুগড়

অশান্ত মনে উন্মুক্তহৈ
অপাৰ্থিৱ সত্তাৰ সতে খেলা কৰিছে
সুগন্ধি ফুলজোপাত পখিলাজনীয়ে
ৰিমঝিম বৰষুণজাকৰ সতে
মিচিকিয়াই হাঁহিছে
নীলিম আকাশত চৰাই জাকেও
মিতিৰালি পাতিছে।
গছ-লতা,ফুলবোৰে হালি-জালি নাচিছে
বতাহৰ তালে-তালে
নদীখনেও গৰ্বেৰে খাগৰিৰ জাঁজি লৈ
দ্ৰুত বেগেৰে নিৰ্গমন
পৰুৱা জাকে শাৰী পাতি
নতুন পথৰ সন্ধান কৰিছে
প্ৰকৃতিয়ো ৰুষ্ট হৈ নয়নাভিৰাম
কৰি তুলিছে।
কেউদিশে মাথোঁ জোনাকৰ সমাৱেশ
প্ৰত্যক্ষদৰ্শীৰ নিবিড় কোণত
প্ৰকৃতিৰ জগতখন দকৈ চোৱাৰ হেঁপাহ
সেই সত্তাৰ আবিৰে শান্ত মনৰ
সৌৰভ কঢ়িয়াই।