ইতিহাসৰ পৃষ্ঠাত মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ-সত্যজিৎ গগৈ

ইতিহাসৰ পৃষ্ঠাত মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ

বিভিন্ন জাতি উপ-জাতি আৰু বাৰে-বৰণীয়া কৃষ্টি-সাংস্কৃতিৰে সমৃদ্ধ ৰাজ্য হৈছে অসম।এই অসমৰ অন্য জনগোষ্ঠী সকলৰ ভিতৰত মিচিং সকল হৈছে দ্বিতীয় বৃহৎ জনজাতীয় জনগোষ্ঠী।মিচিং সকলক আদিতে ‘মিৰি’ নামেৰেও জনা গৈছিল। ভাৰতবৰ্ষৰ সংবিধানত মিচিং সকলক ভৈয়ামৰ জনজাতি হিচাপে “মিৰি” নামেৰে চিহ্ণিত কৰিছে। পৃথিৱীৰ প্ৰায়বোৰ জাতিয়েই এঠাইৰ পৰা আন ঠাইলৈ ঘুৰি ফুৰিছিল।ইয়াৰ কাৰণ সমূহৰ ভিতৰত- কোনোৱে কোনো এটা গোষ্ঠীক আক্ৰমণ কৰা,খাদ্যৰ সন্ধান অথবা ভালকৈ থাকিবলৈ বাসস্থান বিচাৰি।মিচিং সকলো তাৰ ব্যতিক্ৰম নহয়।মিচিং সকল কেতিয়া আৰু কেনেকৈ অসমলৈ আহিলে এই বিষয়টোক লৈ পণ্ডিত সকলৰ মাজতো দ্বিমত দেখা যায়।কোনো কোনো বুৰঞ্জীবিদৰ মতে অসমলৈ আহোম সকল অহাৰ আগৰ পৰাই মিচিং সকলে বসবাস কৰিছিল। কোনো কোনো পণ্ডিতৰ মতে মিচিং সকল আহোম ৰাজবংশ প্ৰতিষ্ঠাৰ পৰাই অসমত বাস কৰিবলৈ লয়। কোনোৱে কয় মিচিং সকল অসমত চুতীয়া ৰাজ্য প্ৰতিষ্ঠাৰ সময়ৰ পৰাই আছে। সি যি কি নহওক বৰ্তমান সময়ত অসমৰ প্ৰায় এঘাৰ খন জিলাত মিচিং সকলে বসবাস কৰি আছে। পূৰ্ৱে মিচিং সমাজত লিখা পঢ়া জনা মানুহৰ সংখ্যা তাকৰ আছিল।সেয়েহে মৌখিক বুৰঞ্জীৰ বাহিৰে লিখিত বুৰঞ্জী মিচিং সকলৰ নাছিল বুলিয়েই কব পাৰি।কিন্তু পিছলৈ বহু কেইগৰাকী পণ্ডিতে গৱেষণামূলক ভাৱে বহু কেইখন গ্ৰন্থ লিখি উলিয়াইছে।কিছুমান কথা জন্তুৰ ছাল,শিল,গছৰ বাকলি আদিত লিখিছিল বুলি জনশ্ৰুতি মতে জনা যায় যদিও বিভিন্ন ধৰণৰ যুদ্ধ-বিগ্ৰহ আৰু প্ৰাকৃতিক কাৰণত এইবোৰ সংৰক্ষণ কৰিব পৰা নহ’ল।মিচিং সমাজত আগতে সন্তানৰ নাম ৰাখোতে দেউতাকৰ নামৰ শেষৰ আখৰ বা শেষৰ দুটা আখৰৰ পৰা নাম ৰখা নিয়ম আছিল। এনে দৰেই এটা পুৰুষৰ পৰা আন এটা পুৰুষলৈ বিৱৰ্তন হোৱাটো আখৰে নিৰ্দিষ্ট কৰি দিছিল।এই সহজ পদ্ধতিৰে মিচিং সমাজত নামাকৰণ কৰা হৈছিল।তেনেকৈ নামাকৰণ কৰিলে সহজে নামটো মনত ৰাখিবলৈ সুবিধা হয় আৰু বৰ্তমানৰ নামটো জনাৰ লগে লগে পূৰ্ৱপুৰুষৰ নামটো সহজে জানিব পৰা গৈছিল।আজি কালি তেনে পদ্ধিৰে নাম ৰখা দেখা নাযায়। আলি আঃয়ে লৃগাং মিচিং জনগোষ্ঠীৰ এক অন্যতম পৰিচয় দাঙি ধৰা উৎসৱ। ১৯৫৬ চনৰ পৰাই এই উৎসৱটো আনুষ্ঠানিক ভাৱে অনুষ্ঠিত কৰি অহা হৈছে।কৃষিভিত্তিক এই উৎসৱ প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰা হয়। এই উৎসৱত মিচিং লোকসকলে শস্য সিঁচাৰ লগতে সকলোৱে মিলিজুলি সমূহীয়াকৈ ভোজ-ভাত খাই নৃত্য-গীত পৰিৱেশন কৰে৷ ঘৰখনৰ মূল ব্যক্তিগৰাকীয়ে আগবেলা পথাৰত বীজ সিঁচি আনুষ্ঠানিকভাৱে এই উৎসৱৰ আৰম্ভণি কৰিছিল যদিও আজিকালি সমজোৱাকৈয়ে নিৰ্দিষ্ট এক স্থানতেই বীজ সিঁচি অনুষ্ঠানৰ আৰম্ভণি কৰে। ইয়াৰ পাছতে শস্য পথাৰৰ মংগল আৰু খেতিৰ শ্ৰীবৃদ্ধি কামনা কৰি ইষ্ট দেৱতাক স্মৰণ কৰি প্ৰাৰ্থনা কৰা হয়। উলাহৰ এই আয়োজনত তৰা পাতেৰ মেৰিয়াই সিদ্ধ কৰা বিশেষ আঠাজাতীয় চাউলৰ ভাত,মাটিমাহ,গাহৰিৰ মাংসৰ আঞ্জা আৰু চাউলেৰে তৈয়াৰী পৰম্পৰাগত পানীয় পৰিৱেশন কৰা হয়। গাঁৱৰ ডেকাসকলে সন্ধিয়া ঘৰে ঘৰে গৈ গুমৰাগ নৃত্য-গীত পৰিৱেশন কৰে। আলি আঃয়ে লৃগাং উৎসৱ পৰম্পৰাগত ভাৱে পাঁচদিনীয়াকৈ পালন কৰা হৈছিল যদিও বৰ্তমান ব্যস্ত সময়ৰ বাবে এদিন বা দুদিনতে এই উৎসৱৰ সামৰণি পৰা দেখা যায়।এই উৎসৱৰ সৈতে সংগতি ৰাখি মিচিং সমাজত বিভিন্ন লোকবিশ্বাসৰো প্ৰচলন আছে। উদাহৰণস্বৰূপে- উৎসৱৰ দিনকেইটাত মাটি খন্দা, গছ কটা, কণী, ফল-মূল, ভজা পোৰা আদি খাদ্য খোৱা, মাছ মৰা, পথাৰত জুই ধৰা আদিৰ ক্ষেত্ৰত বাধা নিষেধৰ নিয়ম প্ৰচলিত আছে। এই বাধা নামানিলে পথাৰত শস্যৰ উৎপাদন ভাল নহয় বুলি মিচিং সমাজত বিশ্বাস কৰা হয়। মিচিং সমাজত প্ৰচলিত অন্য এক প্ৰধান কৃষিভিত্তিক উৎসৱ হৈছে পঃৰাগ। এই উৎসৱত সাধাৰণতে খেতি চপোৱাৰ পিচত গাঁৱৰ বয়োজ্যেষ্ঠ লোকৰ দ্বাৰা সৃষ্টিকৰ্তা তথা পূৰ্বপুৰুষসকলক তুষ্ট কৰিবৰ উদ্দেশ্যে প্ৰাৰ্থনা কৰা হয়। এই উৎসৱত গাঁৱৰ সকলোৱে মিলি ভোজ-ভাত খায়, য’ত গাহৰিৰ মঙহ আৰু ছাই মদ পৰিৱেশন কৰা হয়। এই উৎসৱৰ এক অন্যতম বৈশিষ্ট্য হৈছে নিজৰ গাঁও এৰি অন্য ঠাইত বিবাহসূত্ৰে বাস কৰা জীয়ৰী সকলক উৎসৱলৈ নিমন্ত্ৰণ আৰু লগতে কাষৰীয়া ঠাইৰ গণ্য-মান্য ব্যক্তিসকলকো ভোজলৈ নিমন্ত্ৰণ কৰা হয়। এই উৎসৱ তিনিদিন ধৰি নৃত্য-গীতৰ মাজেৰে উদযাপন কৰা হয়। সহজ-সৰল মিচিং সকলে নিজস্ব সংস্কৃতিৰে অসমৰ সাংস্কৃতিক জগতখনো চহকী কৰিছে।কিন্তু পৰিতাপৰ কথাটো হ’ল যে অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী হিচাপে পৰিচয় লাভ কৰা মিচিং সকলৰ শ্ৰেষ্ঠ উৎসৱ টোত আজিলৈকে চৰকাৰী বন্ধ ঘোষণা কৰা নাই।আশা কৰিছো চৰকাৰে এই বিষয়ত কেবিনেটত সিধান্ত গ্ৰহণ কৰিব।

সত্যজিৎ গগৈ
ডিব্ৰুগড়