উতনুৱা ফাগুনৰ বা
ফাগুনৰ বা লাগি
নীলাভ আকাশৰ গগনে মাৰিলে হাঁহি
পলাশ ,মদাৰে লঠঙা হৈ
ফাগুনৰ অহাৰ আগমনত
উতনুৱা হৈ মনটিক লৈ যায়
মতলীয়াৰে ৰঙিয়াল কৰিবলৈ ।
বলীয়া ফাগুনৰ উল্লাহ দেখি
আবিৰ সানে ৰঙতে
উখল-মাখল মন ।
সেউজ বুলীয়া বুকুত সৰকি যায়
স্বপ্নাতুৰ হৈ অদেখা ভাৱনাত
সোণাৰুফুলীয়া আশাৰ প্ৰেমৰ বাট ।
ধৰিত্ৰী আইৰ প্ৰকৃতিৰ বসন্তৰ ঋতুৰ
চঞ্চলা মনৰ অনুভৱী শিহৰণত
প্ৰভাতী অংকুৰিত বাসনাত
শব্দৰ তৰঙ্গত দাপোণত
বহু প্ৰত্যাশিত জীৱনৰ ৰেঙণিয়ে
ৰূপান্তৰিত কৰে অনাবিল ভৰষা ।
যমুনা দুলু বৈশ্য
শুৱালকুছি