“ৰিমজিম বৰষুণ”
ৰশ্মি ৰেখা দুৱৰা
তোমাৰ কাজলসনা নীলাভ দুচকুত
বৈ আছে সাগৰৰ গভীৰতম ভাৱনা
শীতৰ প্ৰকোপত বাউলি হোৱা
বিশাল আকাশৰ নীলাবোৰে
চৌদিশে ভ্ৰমিছে কত বা আছে প্ৰাণৰ অমিয়া।
ধূলিয়ৰি বাঁটৰ ধূলিকণাবোৰে
শীতৰ সতে উমলিছে,
ধূলিকণাৰ সতে উমলি খন্তেক জিৰণি লৈ
সৃষ্টিৰ ৰাণী সেউজীয়াবোৰে
নিজানত অকলে উচুপি উঠিছে
ৰিমজিম বৰষুণৰ টোপালবোৰত তিতি
খেলিবলৈ মন মেলিছে,
বাধাৰ প্ৰাচীৰ হৈ থিয়দি প্ৰকৃতি ৰুষ্ট হৈ পৰিছে।
প্ৰাণেৰে কাকূতি কৰিছে সেউজীয়াবোৰে
দবাপিটা বৰষুণ নালাগে
মোৰ সংগীহৈ খেলিবলৈ
এধানি ৰিমজিম বৰষুণতে স্বস্তিৰ নিশ্বাস পাওঁ,
অযুত ভাৱনাৰে ধূলিকণাৰ সতে
পুনৰ উমলিম হেঁপাহেৰে
শীতৰ হিমচেঁচা বতাহ জাকৰ ধূলিয়ৰিবোৰ
ৰিমজিম বৰষুণজাকে ধৰিব আৱৰি।