কচুৱা মধ্য ইংৰাজী বিদ্যালয়ৰ শুক্ৰবাৰে গুণোৎসৱ সম্পন্ন হয় 

কচুৱা মধ্য ইংৰাজী বিদ্যালয়ৰ শুক্ৰবাৰে গুণোৎসৱ সম্পন্ন হয় 

কচুৱা,ৰঙিলী বাৰ্ত্তাসেৱা-   নগাঁও জিলাৰ কঠীয়াতলি শিক্ষাখণ্ডৰ অন্তৰ্গত কচুৱা মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী‌য়ে গুণোৎসৱত সৃষ্টি কৰিলে উখল মাখল পৰিবেশৰ। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী‌য়ে আপ্লুত কৰিলে শিক্ষক শিক্ষয়িত্ৰী আৰু পৰ্যবেক্ষক সকলক। শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ শিক্ষা বিভাগে প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে গুনোৎসৱ। ইয়াৰ অংশ হিচাবে নগাঁও জিলাৰ কঠীয়াতলি শিক্ষা খণ্ডত চতুৰ্থ বাৰৰ বাবে অনুষ্ঠিত দ্বিতীয় প্ৰয্যায়ৰ গুণোৎসৱৰ আজি অন্তিম দিন । অন্তিম দিনটোত এইখন আগশাৰীৰ শিক্ষানুষ্ঠান কচুৱা মধ্য ইংৰাজী বিদ্যালয়ৰ দৃশ্য এয়া । বিদ্যালয় খনৰ গুনোৎসৱত শিক্ষক শিক্ষয়িত্ৰী, মাতৃ গোট , বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সদস্যা, অভিভাৱক, অভিভাকা সকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা প্ৰাতঃ সভাৰ দৃশ্য‌ই আপ্লুত কৰে সকলোকে। ডিঙিত অসমীয়াৰ স্বাভিমান গামোচা লৈ প্ৰাতঃ সভাত অংশগ্ৰহণ কৰে । পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে হৰেন শৰ্মা আৰু নিৰীক্ষক হিচাপে উপস্থিত থাকে লুতফুৰ ৰহমান লগতে CRCC মতিবুৰ ৰহমান বিদ্যালয়ৰ আদৰণি সভাৰ আগদৰে হিন্দী শিক্ষক আবু নছৰ নডেল শিক্ষক আব্দুল হাচিম চৌধুৰী প্ৰায় ৪৭১ জন ছাত্ৰ ছাত্ৰী‌ৰে পৰিপূৰ্ণ বিদ্যালয় খনত গুণোৎসৱৰ সময়ত এক উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰে। উল্লেখযোগ্য যে আগতে হৈ যোৱা গুণো‌‌ৎসৱত A+ পোৱাৰ কথা উল্লেখ কৰে প্ৰধান শিক্ষক ছৈয়দ মাছুদ মোহাম্দ ইলিয়াছয়ে ।