লাচিত বৰফুকন আৰু অসমীয়া জাতিৰ স্বাভিমান-   দেবর্ষি গৌতম

Pc NDTV.com

লাচিত বৰফুকন আৰু অসমীয়া জাতিৰ স্বাভিমান

লাচিত বৰফুকনৰ বিষয়ে আমি জানো যে তেওঁ এগৰাকী আহোম সেনাপতি আছিল আৰু বীৰত্বৰে শৰাইঘাটৰ যুঁজত অৱতীৰ্ণ হৈ অসমক মোগলৰ অধীনলৈ যোৱাৰ পৰা ৰক্ষা কৰিছিল। লাচিত বৰফুকন অসম আৰু অসমীয়া জাতিৰ সাহস আৰু বীৰত্বৰ এক পৰিচয় হিচাপে গণ্য কৰা হয়। লাচিতৰ দেশৰ সন্তান বুলি কলে গৌৰৱত অসমীয়া মানুহৰ দেহ মন আলোড়িত হৈ উঠে। লাচিত বৰফুকনক লৈ ৰাজনীতি হোৱাটো হয়তো কোনো অসমীয়া লোকে নিবিচাৰে। অসম আৰু অসমীয়াৰ বীৰ পুত্ৰ হিচাপে লাচিত বৰফুকনৰ বীৰত্বৰ গাঁথা বিশ্বৰ বুকুত জিলিকি থাকক সেয়াই হয়তো প্ৰতিগৰাকী অসমীয়া লোকে কামনা কৰিব। অসমত আহোমৰ ৰাজত্ব আছিল স্বাধীন আৰু স্বতন্ত্ৰ গতিকে লাচিত বৰফুকনে আহোম সেনাপতি হিচাপে অসমক বিদেশী শক্তিৰ হাতৰ পৰা বচাবলৈ যুদ্ধ কৰিছিল। যদি লাচিত বৰফুকনক এগৰাকী ভাৰতীয় বীৰ বুলি কোনোবাই প্ৰতিষ্ঠা কৰিব খোজে তেনেহলে হয়তো কোনো অসমীয়া এই কথাত একমত নহয়। কিন্তু অসম আৰু অসমীয়া জাতিৰ স্বাভিমান লাচিত বৰফুকনক যদি অসমীয়া বীৰ হিচাপে ভাৰতৰ লগতে বিশ্বৰ বুকুত চিনাকি কৰি দিবলৈ কোনোবাই চেষ্টা কৰে তেনেহলে সেই কথাটোত হয়তো প্ৰতিগৰাকী অসমীয়াই সহমৰ্মিতা আগবঢ়াব। অসম আৰু অসমীয়া জাতিৰ স্বাভিমান হিচাপে লাচিত বৰফুকন জীয়াই থকাটো প্ৰতিগৰাকী অসমীয়াৰ কাম্য। লাচিত বৰফুকনক অসমীয়া বীৰ হিচাপে চিনাকি দিয়াৰ পৰিবৰ্তে অন্য এক চিনাকি প্ৰদান কৰাটো কেতিয়াও অসমীয়া জাতিয়ে কামনা নকৰে। সেইয়া লাগিলে ৰাজনৈতিকে হওক অথবা ৰাজনৈতিকে হওক। লাচিত বৰফুকনৰ চিনাকি এগৰাকী অসম আৰু অসমীয়া জাতিৰ বীৰযোদ্ধা হিচাপে সদায় জীয়াই থাকক।

                       দেবর্ষি গৌতম
            বনগাঁও