বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস মঙ্গলদৈৰ সৈনিক ভৱনত অনুষ্ঠিত

বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস মঙ্গলদৈৰ সৈনিক ভৱনত অনুষ্ঠিত

ফখৰুদ্দিন আহমেদ,ছিপাঝাৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  ২৫ ডিচেম্বৰ,২০২২ খ্ৰীষ্টাব্দ ৰবিবাৰে মঙ্গলদৈৰ সৈনিক ভৱনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সাংবাদিক, সাংস্কৃতিক কৰ্মী তথা দৰঙী কলা কৃষ্টি উন্নয়ন সঙ্ঘৰ সাধাৰণ সম্পাদক নৱ শইকীয়াক বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সুমধুৰ ক্ষণত প্ৰদান কৰা হৈছে “দৰঙী সংস্কৃতিক হিতৈষী সন্মান” । শইকীয়াই দৰঙী লোক সংস্কৃতিৰ প্ৰতিটো বিভাগৰে, সংৰক্ষন, সংবৰ্ধন, বহুল প্ৰচাৰ আৰু গৱেষণাৰ মাধ্যমেৰে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ কৰা ঐকান্তিক প্ৰচেষ্টা আৰু পৰিশ্ৰমৰ বাবে এই সন্মান প্ৰদান কৰা হয় বুলি মঞ্চৰ সুত্ৰত প্ৰকাশ।