গুৱাহাটীত মুকলি হ’ল উন্নতমানদণ্ডৰ ক্ৰীড়া সামগ্ৰীৰ এছ জি শ্ব’ ৰুম

গুৱাহাটীত মুকলি হ’ল উন্নতমানদণ্ডৰ ক্ৰীড়া সামগ্ৰীৰ এছ জি শ্ব’ ৰুম

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীত মুকলি হ’ল ৯২ বছৰীয়া পুৰণি ক্ৰীড়া সামগ্ৰীৰ উন্নত মানদণ্ডৰ এছ জিৰ এক্সক্লিউছিভ শ্ব’ ৰুম। মহানগৰীৰ উলুবাৰীৰ বি বৰুৱা ৰোডস্থিত লেন্সকাৰ্ট শ্ব’ ৰুমৰ বিপৰীতে আজি এছ জি শ্ব’ ৰুমটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। এই শ্ব’ ৰুমত ক্ৰিকেটৰ সকলো ধৰণৰ উন্নত মানদণ্ডৰ সামগ্ৰী উপলব্ধ হোৱাৰ লগতে অন্য ক্ৰীড়া সামগ্ৰী আৰু সাজ-পোচাকও উপলব্ধ হ’ব। এছ জি শ্ব’ ৰুমটো আজি আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰে বিচিচিআইৰ যুটীয়া সচিব দেৱজিৎ লন শইকীয়াই। তেওঁৰ সৈতে উপস্থিত থাকে কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতা। উক্ত শ্ব’ৰূমটো শুভ উদ্ধোধন কৰি দেৱজিৎ লন শইকীয়াই কয় যে পূৰ্বে ক্ৰিকেট খেলুৱৈসকলে বেট বা অন্যান্য সামগ্ৰী ক্ৰয় কৰিবলৈ দিল্লী বা মুম্বাইলৈ যাবলগীয়া হৈছিল। কিন্তু এছ জিৰ দৰে প্ৰতিষ্ঠিত ব্ৰেণ্ডে গুৱাহাটীত প্ৰথমখন বিপনি মুকলি কৰাত এতিয়া আৰু বেট-বল-সাজ পোচাক ক্ৰয় কৰিবলৈ দিল্লীলৈ যাব নালাগে। ইয়াৰ ফলত ৰাজ্যৰ ক্ৰিকেটৰ লগতে অন্য খেলুৱৈসকল যঠেষ্ট উপকৃত হ’ব। আনহাতে, বিপণীখনৰ স্বত্বাধিকাৰী চন্দ্ৰকান্ত বাৰ্মাই কয় যে তেওঁ আশাবাদী যে খেলুৱৈসকলে তেওঁলোকৰ বিপনিখন আদৰি ল’ব আৰু তেওলোকৰ মন পছন্দৰ উৎকৃষ্ট মানৰ সামগ্ৰী বিচাৰি পাব ।