ফ্লাইট ধৰিবলৈ এতিয়াৰে পৰা ৩ ঘন্টাৰ পূৰ্বেই বিমানকোঠত প্ৰৱেশ কৰক

ফ্লাইট ধৰিবলৈ এতিয়াৰে পৰা ৩ ঘন্টাৰ পূৰ্বেই বিমানকোঠত প্ৰৱেশ কৰক

ৰঙিলী বাৰ্ত্তাসেৱা- বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত, যাত্ৰীসকলৰ বাবে এক বিশেষ জাননীৰ জাৰি কৰা হৈছে। জাননী অনুসৰি এতিয়াৰে পৰা প্ৰতিজন যাত্ৰীয়ে বিমানকোঠত বিমান উৰণৰ নিৰ্দ্ধাৰিত সময়সূচীৰ বিপৰিতে প্ৰায় ৩ ঘন্টাৰ পূৰ্বেই আহি উপস্থিত হ’ব লাগিব। আগন্তক নতুন বছৰত বৃদ্ধি হ’বলগীয়া যাত্ৰীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি, বিমানকোঠ কতৃপক্ষই এই জাননী জাৰি কৰিছে। উল্লেখযোগ্য যে, গুৱাহাটী বিমানকোঠত এঘন্টাত কেৱল ৪৫০ যাত্ৰীয়েহে সুচাৰুৰূপে প্ৰস্থান আৰু আগমন কৰিব পাৰে, তেনেস্থলত বৰ্তমান প্ৰায় তিনিগুন অধিক যাত্ৰীয়ে প্ৰতি ঘন্টাত অহাযোৱা কৰি আছে। যাত্ৰীসকলৰ আৰামদায়ক যাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিমানকোঠ কতৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি বিমানকোঠ মুখপাত্ৰই জানিবলৈ দিয়ে