সহোদৰ মাত
বাঢ়নীয়ে খুচি খুচি
সৰাপাত সৰা চোতাল খনচোন
সৰুৰ পৰা সৰু হৈ গ’ল ক্ৰমাত….
দ্ৰুততৰ কাইটীয়া জপনা
জিলমিল জিলমিল আপোন মুখ
ধোঁৱা আৰু ধোঁৱাময়
জপনাৰ ইপাৰ সিপাৰ।
সহোদৰ মাত ঢাকি কোৰ্হাল
আন্ধাৰ – পোহৰৰ ধাম খুমীয়াত
অতি বাহিত ৰাতি – দিন…
বাঢ়িছে কোৰ্হাল
সংকুচিত চোতাল
সহোদৰ মাত
জপনাই জপনাই ডুব যায়,
বুকুৰ চিনাকি জোন
সহোদৰ মাতৰ জীৱন বন্তি……
হেমেন ভট্টাচাৰ্য, বিশ্বনাথ চাৰিআলি
