জাহ্নবী বৰদলৈৰ গ্ৰন্থ উন্মোচন

জাহ্নবী বৰদলৈৰ গ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা- লেখিকা জাহ্নবী বৰদলৈৰ চতুৰ্থ খন “পথে প্ৰান্তৰে সুদুৰৰ হাতবাউলি”শীৰ্ষক এক ভ্ৰমন কাহিনীআজি গুৱাহাটীৰ হোটেল ডি’ অগ্নিদ্বীপৰ প্ৰেক্ষাগৃহত উম্মোচন কৰা হয় । অসমৰ অন্যতম প্ৰকাশন গোষ্ঠী চন্দ্ৰ প্ৰকাশৰ দ্বাৰা প্ৰকাশিত এই মনোগ্ৰাহী গ্ৰন্থখন উম্মোচন কৰি অৱসৰ প্ৰাপ্ত আই এ এছ বিষয়া শ্ৰীৰবেন্দ্ৰ কুমাৰ দাসে শ্ৰীমতী জাহ্নবী বৰদলৈৰ লিখন শৈলীৰ ওপৰত বিশ্লেষণ আগবঢ়ায়। গ্ৰন্থ উম্মোচনী সভাখনত বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডা° জয়ন্ত দাস আৰু চিন্তাবিদ , লেখক ড° অঞ্জনজ্যোতি চৌধুৰীয়েও গ্ৰন্থখনৰ ওপৰত বক্তব্য আগবঢ়ায়। সভাত চন্দ্ৰ প্ৰকাশৰ হৈ স্বত্বাধিকাৰী ডা° ৰবীন্দ্ৰ মোহন শৰ্মাইও কিছু বাখ্যা আগবঢ়ায় । শ্ৰী অনুপজ্যোতি চৌধুৰীৰ দ্বাৰা পৰিচালিত এই সভাখনত বিশিষ্টা অনতাঁৰ শিল্পী শ্ৰীমতী দূৰ্গাময়ী বৰা উপস্থিত থাকি এটি গীত পৰিবেশন কৰে। সদৌ শেষত গ্ৰন্থ খনৰ লেখিকা জাহ্নবী বৰদলৈএ সকলোলৈকে শলাগৰ শৰাই আগবঢ়ায় অনুস্থানৰ সমৰণি মাৰে।