মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে বিভিন্ন থানাত গোচৰ

মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে বিভিন্ন থানাত গোচৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  বদৰুদ্দিন আজমলৰ আৰ্হিত অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকায়ো সাম্প্ৰদায়িক বক্তব্য প্ৰদান কৰা কাৰ্যক তীব্ৰ নিন্দা জনাই অসম জাতীয় পৰিষদে ৰাজ্যৰ কেইবাখনো থানাত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে৷ তাৰ দিছপুৰ থানাত এজাহাৰ দাখিল কৰি দলৰ সম্পাদক ৰাজু ফুকনে কয় যে সাম্প্ৰদায়িকমন্তব্য কৰি বদৰুদ্দিন আজমলে যিমান অপৰাধ কৰিছে, মন্ত্ৰী পীযুষ হাজৰিকায়ো সমান অপৰাধ কৰিছে৷ দুয়োগৰাকী জনপ্ৰতিনিধিৰ বক্তব্য ‘হেট স্পীচ্চ’ হিচাপেবিবেচিত হোছাৰ যোগ্য৷ ‘হেট স্পীচ্চ’ দিয়া ব্যক্তিক তৎকালে গ্ৰেপ্তাৰ কৰিবলৈ ভাৰতৰ উচ্চতম ন্যায়ালয়ে ইতিপূৰ্বে নিৰ্দেশনা দি থৈছে৷ সেয়ে মন্ত্ৰী পীযুষ হাজৰিকাকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগে৷ আনহাতে, এ আই ইউ ডি এফ দলক সমালোচনা কৰি ফুকনে কয় যে সাম্প্ৰদায়িক বক্তব্য প্ৰদান কৰা পীযুষ হাজৰিকাৰ বিৰুদ্ধে থানাত এজাহাৰদাখিল কৰাৰ সাহস এ আই ইউ ডি এফৰ নেতাসকলৰ নাই৷ ই বিজেপিৰ সৈতে এ আই ইউ ডি এফৰ গোপন বুজাবুজিৰ থকাৰ আন এটা প্ৰমাণ৷ উল্লেখযোগ্য যে মন্ত্ৰী পীযুষ হাজৰিকাই যোৱা ৩ ডিচেম্বৰৰ দিনা আজমলৰ বক্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপে উক্ত সাম্প্ৰদায়িক বক্তব্য প্ৰদান কৰিছিল৷ অসম জাতীয় পৰিষদে আজি বিয়লিলৈকে মন্ত্ৰীগৰাকীৰ বিৰিদ্ধে ছখন এজাহাৰ দাখিল কৰে৷ এজাহাৰসমূহ দলৰ হৈ দিছপুৰ থানাত মুনমুন মজুমদাৰ, গীতানগৰ থানাত দেৱজিৎ ভৰালী, পল্টন বজাৰ থানাত সঞ্জীৱ বৰা, তেজপুৰ থানাত জান বৰা, পানবাৰী (চিৰাং) থানাত ৰূপম দাসে, হাজো থানাত বাহাৰুল ইছলামে দাখিল কৰে৷ ৰাজ্যৰ অন্য থানাসমূহতো এই বাতৰি লিখা পৰলৈকে এজাহাৰ প্ৰদানৰ কাম অব্যাহত আছে৷