গ্ৰন্থৰ কথা-বন্দিতা শৰ্মা কন্দলি

Pc Reedsy

অকণিলৈ বুলি

গ্ৰন্থৰ কথা

“জ্ঞানৰ সঞ্চয়ে পোহৰ বিলাই,
মনৰ নেদেখা কুন্ধিবোৰত ।”

কবিতা ফাকি তোমালোকৰ কোনো কোনোৱে পঢ়িবলৈ পাইছা নিশ্চয়! ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠৰ কবি নীলমণি ফুকনৰ কবিতা ‘সঞ্চয়’ নামৰ কবিতাটিৰ পৰা লোৱা হৈছে। কবিতাটিত কোৱা জ্ঞান সঞ্চয় আমি কʼৰ পৰা কৰিব পৰা যাব বাৰু! গ্ৰন্থৰ পৰাই নহয়নে বাৰু! সাধাৰণতে কুন্ধি শব্দই নাৱৰ আন্ধাৰ কোঠা বুজাই যদিও ইয়াত গ্ৰন্থ অধ্যয়ন কৰি আমি যি জ্ঞান আহৰণ কৰোঁ সেই জ্ঞানে মনৰ আন্ধাৰ দূৰ কৰাৰ কথা কোৱা হৈছে।
গ্ৰন্থ ওলোৱাৰ আগতে মানুহে জ্ঞান কেনেকৈ সঞ্চয় কৰিছিল জানানে? মানুহৰ মুখে মুখে বাগৰি আহিছিল অৰ্থাৎ স্মৃতিত ৰাখিছিল।এটা সময়ত মানুহে তথ্য কিছুমান স্থায়ী কৰিবলৈ লিপি (আখৰ) আৱিষ্কাৰ কৰিলে আৰু মাটিৰ ফলি,শিল,গুহাৰ বেৰ,সোণ -ৰূপ- তাম আদি ধাতুৰ ফলিত লিখি ৰাখিছিল। ক্ৰমে ভূৰ্জপত্ৰ, তালপাত, গছৰ বাকলি, পাত আদিত লিখাৰ কথা পোৱা যায়। ক্ৰমে মানুহে নিজৰ মনৰ ভাববোৰ প্ৰকাশ কৰিবলৈ লিখিবলৈ আৰম্ভ কৰিলে । ১০৫ খ্ৰীষ্টাব্দত চীনা পণ্ডিত লুনে প্ৰথমে কাগজ আৱিষ্কাৰ কৰিছিল বুলি জনা যায়।তাৰ পাছত জাপান,কোৰিয়া,ৰাছিয়া,আৰব আদি দেশত কাগজ তৈয়াৰ হয়। মায়া সভ্যতাৰ মানুহেই প্ৰথমে কাগজৰ দ্বাৰা কিতাপ প্ৰস্তুত কৰিছিল বুলি জনা যায়। কিতাপ হ’ল মানৱৰ সকলোবোৰ আৱিষ্কাৰৰ ভিতৰত শ্ৰেষ্ঠ। মানুহে আৰ্জন কৰা জ্ঞান, অভিজ্ঞতা, অনুভৱ আদি সঞ্চয়ৰ স্থা‌‌য়ী ব্যৱস্থাই হৈছে গ্ৰন্থ। সেয়ে সত্যনাথ বৰা দেৱে কৈ গৈছে ” পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা”। আকৌ কোনোৱে কয় ” কিতাপ নোহোৱা ঘৰ দুৱাৰ -খিৰিকি নোহোৱা ঘৰৰ দৰে।” দুৱাৰ -খিৰিকিয়ে ঘৰটোক কি দিয়ে বাৰু! ৰ’দ বতাহ পোহৰ আদি সোমাই ঘৰটো স্বাস্থ্য উপযোগী কৰি তোলে। সেইদৰে কিতাপেও মনৰ আন্ধাৰবোৰ দূৰ কৰি জ্ঞানৰ পেট ভৰাই মানুহক জীৱ শ্ৰেষ্ঠ কৰি ৰাখিছে। আলবানিয়াত প্ৰচলিত এটা যোজনা আছে ” যি পঢ়িব আৰু লিখিব পাৰে তাৰ চকু চাৰিটা” । এই যোজনাটিৰ পৰা আমি বুজি পোৱা কথাটি হ’ল গ্ৰন্থ অধ্যয়নে আমাৰ জ্ঞানৰ চকু মুকলি কৰি দিয়ে। সেয়ে আমি যিমান পাৰোঁ সময় অবাৱত খৰচ নকৰি গ্ৰন্থ সংগ্ৰহ বা কিনি সৰুৰে পৰা অধ্যয়নৰ অভ্যাস গঢ়ি তুলিব লাগে।লগতে সংৰক্ষণ কৰি ৰাখিবলৈ শিকিব লাগিব।বিশ্ব বিখ্যাত সাহিত্যিক হেনৰি ডেভিদ থাৰোৱে কৈছিল “কিতাপ হ’ল পৃথিৱীৰ সঞ্চিত সম্পদ,জাতি আৰু চামে চামে মানুহৰ উত্তৰাধিকাৰী সূত্ৰে লভা সম্পত্তি”। কিন্তু ধন সম্পত্তি চুৰ কৰাৰ দৰে জ্ঞান কোনেও চুৰ কৰি নিব নোৱাৰে। তাৰোপৰি জ্ঞান বিলালে বাঢ়িহে যায়। ধৰা তুমি জনা অংক এটা বন্ধু জনক বুজাই দিলে তোমাৰ সেই পাঠটোৰ ওপৰত জ্ঞান বাঢ়িহে যাব। সেয়ে আমি জনা কথা বন্ধু বান্ধৱৰ লগত ভাগ বতৰা কৰিব লাগে। আমি আমাৰ জ্ঞান বঢ়াবলৈ গ্ৰন্থ অধ্যয়ন কৰিব লাগিব। সৰুৰে পৰাই কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিব পাৰিলে ভৱিষ্যতে আমি কোনো দিনাই অকলশৰীয়া অনুভৱ নকৰোঁ।কিয়নো কিতাপৰ সমান ভাল,সৎ বন্ধু কʼতো বিচাৰি নাপাবা। আমি আমাৰ উপযোগী কিতাপ বাছনি কৰি ল’ব লাগিব। সকলো কিতাপ পঢ়ি আমি উপকৃত নহ’বও পাৰোঁ! আমাৰ পৰিসৰৰ ভিতৰত মহৎ লোকৰ জীৱনী,ঠাইৰ পৰিচয়, সাধুকথা, মহাকাশৰ কথা,শিশু গল্প – উপন্যাস, বিজ্ঞানীৰ ৰসাল কাহিনী আদিৰ উপৰি বহুতো শিশু উপযোগী গ্ৰন্থ আছে। বৰ্তমান গ্ৰন্থ মেলাৰ বতৰ । সেয়ে আমি গ্ৰন্থ মেলালৈ গৈ আমাৰ মনৰ পছন্দৰ গ্ৰন্থ কিনি আনি পঢ়াৰ অভ্যাস গঢ়ি তুলিব পাৰিম।

বন্দিতা শৰ্মা কন্দলি
দেৰগাঁও