২০২০ চনৰ পৰা এতিয়ালৈকে বিশ্বক ত্ৰাসিত কৰা কৰ’না ভাইৰাছ সংক্রমণে মানৱ সমাজত আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। বাদ পৰা নাই বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ধনী দেশসমূহো। দিনে দিনে সংক্ৰমণ বৃদ্ধি হৈ মৃত্যুৰ হাৰ বৃদ্ধি পাইছে। বহু আপোন লোক চিৰদিনৰ বাবে হেৰাই গৈছে। সংক্ৰমণৰ ভয়াৱহতাই সকলোকে ভীতিগ্ৰস্ত কৰি তুলিছে। এনে পৰিস্থিতিত চৰকাৰে জনগণৰ সুৰক্ষাৰ বাবে বিগত বৰ্ষৰ দৰে চলিত বৰ্ষতো লকডাউনৰ দৰে তলাবন্দী ব্যৱস্থা ল’বলৈ বাধ্য হ’ব লগা হল।
২০২০ চনৰ ছেপ্টেম্বৰ মাহৰ পৰাই পৰিৱেশ কিছু সুস্থিৰ হোৱাত লকডাউন শিথিল কৰি দিয়া হ’ল। শিক্ষানুষ্ঠানসমূহতো ৫০% ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত বিদ্যালয়ত পাঠদান আৰম্ভ হ’ল। অন্যান্য অফিচৰ কাম-কাজো আৰম্ভ হ’ল। কিন্তু ২০২১ বৰ্ষতো বিগত বৰ্ষৰ দৰে পৰিস্থিতি হোৱাত লকডাউন দিবলগীয়া পৰিৱেশৰ সৃষ্টি হ’ল। কাল কৰ’নাই এতিয়ালৈকে বহুজনৰ প্ৰাণ কাঢ়িলে। যদিও ভেকচিন ওলাইছে তাৰপৰা জনসাধাৰণ নিশ্চিন্ত বুলি ক’ব নোৱৰি। অৱশ্যে বহু লোক আক্ৰান্ত হৈ ভাল হোৱা পৰিলক্ষিত হৈছে। পৰিস্থিতি বিশেষ উন্নত নোহোৱাত ১৫ জুন পৰ্যন্ত লকডাউনৰ সময়সীমা বৃদ্ধি কৰি দিলে। অত্যাৱশ্যকীয় সেৱাৰ বাদে বজাৰ, দোকান সকলোতে নির্দিষ্ট সময় নিৰ্ধাৰণ কৰি দিলে। তদুপৰি শিক্ষানুষ্ঠান, ধর্মানুষ্ঠান, সামাজিক অনুষ্ঠানসমূহতো নিয়ম জাৰি কৰিলে। অর্থাৎ সংক্রমণ নহ’বৰ বাবে মানুহৰ সমাগম হোৱা অনুষ্ঠান বন্ধ কৰি দিয়া হল।
কাল কৰ’নাই আমাৰ সামাজিক, অর্থনৈতিক, বাণিজ্যিক আদি দিশত ভীষণ ক্ষতি কৰিছে। কিন্তু আটাইতকৈ বেছি ক্ষতি হৈছে শিক্ষাৰ্থীসকলৰ। কণ কণ শিশুসকল শিক্ষানুষ্ঠানত ভৰি দিয়েই অকল্পনীয় পৰিৱেশৰ সন্মুখীন হ’ল। শিশুসকল ঘৰৰ ভিতৰত আবদ্ধ হৈ পৰিল। উপায়হীন এটা অৱস্থা।
বর্তমান এনে অৱস্থাত অনলাইনযোগে ছাত্র-ছাত্ৰীৰ পাঠদান ব্যৱস্থা কৰা হৈছে যদিও ই ফলপ্ৰসু হৈছে বুলি ক’ব নোৱাৰি। কাৰণ প্রথম কথা আর্থিক দুর্দশাগ্রস্ত অভিভাৱকে সন্তানক এটা স্মার্টফোন দিবলৈ অপৰাগ। ফলত সেই ছাত্র-ছাত্ৰীসকল শিক্ষা লাভৰ পৰা বঞ্চিত হোৱাৰ উপৰি হীনমন্যতাত ভোগা দেখা যায়। কোনোৱে দৰিদ্ৰ ছাত্র-ছাত্রীক স্মার্টফোন যোগান ধৰিলেও তেনেই সীমিত। বিদ্যালয়ৰ কৰ্তৃপক্ষ, শিক্ষক-শিক্ষয়িত্ৰীয়ে ব্যক্তিগতভাৱে গৃহকৰ্ম, প্রশ্নোত্তৰসমূহ কিবা প্ৰকাৰে ঘৰত দিলেও অনলাইন পাঠলাভৰ পৰা তেওঁলোক বঞ্চিত হৈছে। আনহাতে, পিছপৰা অনুন্নত অঞ্চলৰ ছাত্র-ছাত্রীক অনলাইন শিক্ষা ব্যৱস্থাই স্পৰ্শ কৰিব পৰা নাই। তদুপৰি নেটৱৰ্কৰ সমস্যাই পাঠগ্রহণ আৰু পাঠদানত যথেষ্ট ব্যাঘাত জন্মাইছে। ছাত্র-ছাত্ৰীয়ে নেট বিচাৰি ঘৰৰ বাৰীত ঘূৰি ফুৰিবলগীয়া অৱস্থা হয়। বিভিন্ন ইলেক্ট্রনিক মাধ্যম যেনে— গুগ্ল মীট, জুম এপ, হোৱাট্ছএপ, ইউটিউব, অডিঅ’, ভিডিঅ’ৰ জৰিয়তে পাঠদান কৰা হৈছে যদিও দুৰ্বল নেটৱৰ্কৰ বাবে পাঠ আধাতে সামৰিবলগীয়া হয়। প্রকৃতাৰ্থত কমসংখ্যক ছাত্র-ছাত্রীয়েহে এনে মাধ্যমেদি পাঠগ্ৰহণ কৰিব পাৰিছে।
আচলতে হঠাতে শ্রেণীকোঠাৰ পাঠৰ পৰিৱৰ্তে অনলাইন পাঠদান, পাঠগ্ৰহণ আহি পৰাত শিক্ষক-ছাত্ৰৰ বাবে প্ৰথমে আচহুৱা যেন লাগিছিল আৰু কোনোৱেই প্ৰস্তুত নাছিল। অৱশ্যে ২০২০ বৰ্ষতকৈ বর্তমান বৰ্ষত ছাত্র-শিক্ষক যথেষ্ট সক্রিয় হোৱা পৰিলক্ষিত হৈছে।
এতিয়া আটাইতকৈ স্পৰ্শনীয় বিষয় হ’ল মোবাইলৰ ব্যৱহাৰে শিশুৰ পৰা বয়স্কজনলৈকে বহু ক্ষতি কৰিছে। তেনেস্থলত অনলাইন ক্লাছৰ বাবে জীৱনৰ আটাইতকৈ সংবেদনশীল সময়ছোৱাত নিজাকৈ এটা স্মার্টফোন ছাত্ৰ-ছাত্ৰীৰ হাতত দিব লগা হোৱাত এচাম ছাত্ৰ-ছাত্ৰীৰ সমস্যাৰ সৃষ্টি হোৱাটো সত্য ৷ পাঠগ্ৰহণৰ সময়ছোৱাৰ উপৰি বাকী সময়ছোৱাত অনবৰতে মোবাইলত ব্যস্ত হৈ থকাৰ কথা শুনা যায়। অত্যাধিক মোবাইলৰ ব্যৱহাৰে মাধ্যমিক স্তৰৰ সময়ছোৱাত বেয়াকৈ প্ৰভাৱ পেলাইছে। পৃথিৱীখন হাততে পোৱাত আশাৰ পৰিধি বাঢ়িছে। তেওঁলোকৰ সৃজনী শক্তি লগতে দৃষ্টিশক্তি আৰু শ্ৰৱণ শক্তিতো প্ৰভাৱ পৰিছে। এই জটিল সময়ছোৱাত শৈশৱৰ ধেমালি আৰু যৌৱনৰ পৰিপক্বতাৰ মাজত থাকে কৈশোৰৰ সাঁকো। জীৱন গঢ়ি তোলাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময় ৷ শাৰীৰিক আৰু মানসিকভাৱে দ্রুত পৰিৱৰ্তনে দেখা দিয়ে। আৱেগ-অনুভূতিৰ মাজত ক্ৰিয়া কৰিবলৈ আৰম্ভ হয়। গতিকে এনে সময়ত অনলাইন ক্লাছৰ গইনা লৈ অত্যাধিক মোবাইল ব্যৱহাৰে বিপৰীত চিন্তাৰ উন্মেষ ঘটোৱা স্বাভাৱিক৷
শেষত কওঁ যে মোবাইলৰ ব্যৱহাৰে যাতে ছাত্র ছাত্ৰীৰ মনত খেলিমেলিৰ সৃষ্টি কৰি জ্ঞান চৰ্চাত বাধা আনিব নোৱাৰে তাৰ বাবে আমাৰ পিতৃ-মাতৃ তথা অভিভাৱকসকল খুব সচেতন হ’ব লাগিব। কাৰণ সন্তানক উপযুক্তভাৱে গঢ়ি তুলিবই লাগিব ৷
ফোন : ৭০০২৩-৮৯৩৬৭