কুঁৱা চাফা কৰিবলৈ গৈ চাৰিজন লোকৰ কৰুণ মৃত্যু

কুঁৱা চাফা কৰিবলৈ গৈ চাৰিজন লোকৰ কৰুণ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা – হাইলাকান্দিৰ আলগাপুৰত কুঁৱা চাফা কৰি থকা অৱস্থাতে ৪ জন লোকে প্ৰাণ হেৰুৱায়। ইপিনে, মৃতসকলক ক্ৰমে, ৰছিদ আহমেদ, নাজিম উদ্দিন, আবু চুহেল আৰু তাছলিব উদ্দিন বুলি জানিব পৰা গৈছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে (এছডিআৰএফ) মৃতদেহকেইটা উদ্ধাৰ কৰে। ইপিনে, হাচিব উদ্দিন নামৰ আন এজন লোকক কুঁৱাৰ পৰা উলিয়াই অনা হৈছে। অৱশ্যে, তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু বৰ্তমান শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত (এছএমচিএইচ) চিকিৎসাধীন অৱস্থাত আছে।