অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথম গৰাকী মহিলা বক্সাৰ লভলিনা বৰগোহাঁই

pc India.com

অনলাইন বাৰ্ত্তাসেৱা – লভলিনা বৰগোহাঁই অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথম গৰাকী মহিলা বক্সাৰ আৰু শিৱ থাপাৰ পিছত ৰাজ্যখনৰ পৰা ভাৰতক প্ৰতিনিধিত্ব কৰা দ্বিতীয় গৰাকী বক্সাৰ।
লভলিনাই ২০২০ চনৰ এছিয়া আৰু ওচেনিয়া বক্সিং অলিম্পিক কোৱালিফায়াৰত ব্ৰঞ্জৰ পদক লাভ কৰি টকিঅ’ অলিম্পিক ২০২০ৰ বাবে স্থান লাভ কৰিছিল। কোৱাৰ্টাৰ ফাইনেলত লভলিনাই উজবেকিস্তানৰ মাফতুনাখোন মেলিয়েভাক মহিলাৰ ৱেল্টাৰৱেটত (৬৯ কিলোগ্ৰাম শাখা) ৫-০ গ’লত পৰাস্ত কৰি কোৱাড্ৰেনিয়েল প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ হিচাপে পৰিগণিত হয়।
অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে খেলুৱৈগৰাকীক অভিনন্দন জনাইছে। তেওঁ লিখিছিল, “A matter of great joy and pride for us as @LovlinaBorgohai becomes the first woman pugilist from Assam to qualify for the #Olympics. My heartiest congratulations to you Lovlina. You have our finest wishes for the big moment. May you continue to shine and succeed.”