গুৱাহাটীত প্ৰফুল্লপ্ৰাণ মহন্ত ৰচিত গ্ৰন্থ উন্মোচন

গুৱাহাটীত প্ৰফুল্লপ্ৰাণ মহন্ত ৰচিত গ্ৰন্থ উন্মোচন

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা- বিশিষ্ট নিবন্ধকাৰ, সাহিত্যিক, সংগীত নাটক একাডেমীৰ অসম শাখাৰ সম্পাদক প্ৰফুল্লপ্ৰাণ মহন্ত ৰচিত “ড: সূৰ্য হাজৰিকা নৱ-প্ৰজন্মৰ এক নতুন প্ৰেৰণাৰ উৎস” শীৰ্ষক জীৱনি গ্ৰন্থখনি আজি মহানগৰীৰ আৰ জি বৰুৱা পথৰ “এছ কে হাজৰিকা কলেজ” প্ৰাংগণত শুভ উন্মোচন কৰি বিশিষ্ট সাহিত্যিক, পণ্ডিত, ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড: বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কয়— “জীৱনীগ্ৰন্থ মহামূল্যবান । জীৱনীগ্ৰন্থ নৱ প্ৰজন্মই পঢ়িলে নতুন দিগন্ত সূচনা কৰিব পাৰিব । শৈশৱ-কৈশোৰৰ পৰা মহৎলোকৰ জীৱনী, আত্মজীৱনী পঢ়িলে আজিৰ প্ৰজন্মৰ সন্তানে সঠিক পথৰ সন্ধান পাব ।” কাঞ্চন নাথ আৰু মণিকা বৈশ্যৰ গুৰু বন্দনাৰে শুভাৰম্ভ কৰা সভাখনি উদ্ধোধন কৰি ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা বিশিষ্ট গীতিকাৰ, সাহিত্যিক শচীন দাসে কয় — “আদৰ্শবান মানুহৰ প্ৰতি নৱপ্ৰজন্ম আকৰ্ষিত হ’ব লাগে । সময় পখিলাক কোনেও ধৰি ৰাখিব নোৱাৰে ।উৰি গুচি যায় ।গ্ৰন্থ তেনেকুৱা ।গ্ৰন্থই সময় ধৰি ৰাখিব পাৰে । গ্ৰন্থই মানৱ জীৱনৰ মৌসৌধ ।সামাজিক, সাংস্কৃতিক, ভৌগোলিক, কথা-বতৰা, জীৱন-যৌৱন আদি গ্ৰন্থই ধৰি ৰাখিব পাৰে ।” প্ৰসংগক্ৰমে শচীন দাসে সংগীত সূৰ্য, ভাৰতৰত্ন ড: ভূপেন হাজৰিকাৰ স’তে সৰহ সময় ড: সূৰ্য হাজৰিকাই কটোৱা, গাৰ চাৰ দৰে থকা, ভূপেন হাজৰিকাৰ গ্ৰন্থ পোহৰলৈ অহাৰ কথা সলসলিয়াকৈ কয় । সাংবাদিক,কবি, লেখক দীপক শৰ্মাই আত ধৰা সভাত পাণ্ডু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট সাহিত্যিক ভবানীপ্ৰসাদ অধিকাৰীয়ে মুখ্য অতিথিৰ ভাষণত কয়– “বিশ্বমানৰ একাধিক গ্ৰন্থ উপহাৰ দিয়া ড: সূৰ্য হাজৰিকাই শয়নে-সপোনে অসমীয়া সাহিত্য, কলা-কৃষ্টি-সংস্কৃতি কিদৰে জগৎ সভালৈ নিব পাৰি তাৰে ধ্যানত মগ্ন থাকে । গ্ৰন্থ জগতত নিত্য নতুন চিন্তা কৰি অসমীয়া গ্ৰন্থৰ ওপৰত গৱেষণামূলক গ্ৰন্থ প্ৰকাশ কৰিছে ।মানুহ হিচাপে কিদৰে উঠিব পাৰি, উধাব পাৰি, সকলো দিশতে ড: হাজৰিকাই চিন্তা-চৰ্চা কৰে ।” প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বুদ্ধিজীবী, চিন্তাবিদ ড: দয়ানন্দ পাঠকে বিশিষ্ট অতিথিৰ ভাষণত কয়– “উচ্চ চিন্তাভাবপন্ন ব্যক্তি ড: সূৰ্য হাজৰিকাই হেৰাই যাব ধৰা একাধিক গ্ৰন্থ নিজে সম্পাদনা কৰাৰ লগতে প্ৰকাশ কৰি অসমীয়া সাহিত্যৰ ভৰাল চহকী কৰিছে ।অসমীয়া জাতীয় জীৱন চহকী কৰাত ড: হাজৰিকাই অন্যতম উদ্যোগ লৈ দেশী-বিদেশী ভাষাৰ স’তে সংপৃক্ত হৈ একাধিক কাম কৰিছে ।” নলবাৰী জিলাৰ প্ৰাক্তন অতিৰিক্ত উপায়ুক্ত তথা লেখিকা ৰেণু মহন্তই কয়– “গ্ৰন্থ এটা সময়ৰ সাক্ষী । মন গ’লেই লিখিব লাগে । অসমীয়া গ্ৰন্থ বিশ্ব সমাদৃত ।” সভাত লেখক প্ৰফুল্লপ্ৰাণ মহন্ত, জাতীয়তাবাদী সুৰক্ষা পৰিষদ, অসমৰ সভাপতি মহেন্দ্ৰ দাস, লেখক বীৰেণ দত্ত, দিব্যজ্যোতি বৰুৱা, কবি স্বপ্না শৰ্মাই ভাষণ দি অসমীয়া সাহিত্য জগতৰ প্ৰতি সূৰ্য হাজৰিকাৰ অবদানৰ কথা কয় । শেষত শলাগৰ শৰাই দিয়ে এচ কে হাজৰিকা কলেজৰ অধ্যক্ষ ড: ইভা হাজৰিকাই ।