মহানগৰৰ ‘পদপথ’বোৰ বৰ্তমান সময়ত মানুহে খোজ কাঢ়ি অহা-যোৱা কৰিব পৰা ‘পথ’ নহয়

মহানগৰৰ ‘পদপথ’বোৰ বৰ্তমান সময়ত মানুহে খোজ কাঢ়ি অহা-যোৱা কৰিব পৰা ‘পথ’ নহয়

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী মহানগৰত সততে সৃষ্টি তীব্ৰ যান-জঁটে যাত্ৰীসকলক প্ৰায়ে হাৰাশাস্তি সন্মুখীন কৰোৱাটো নতুন কথা নহয়৷ কিন্তু ইয়াৰ বিপৰীতে এতিয়া মহানগৰৰ পদপথসমূহত বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ উপৰিও, বহু লোকে নিজৰ বাহন সমূহ পাৰ্কিং কৰাৰ ঠাই হিছাপে ব্যৱহাৰ কৰাত অন্য এক সমস্যাৰ সৃষ্টি হৈছে৷যানবাহন আইন উলংঘা কৰি সুদীৰ্ঘ দিন ধৰি অব্যাহত থকা অবৈধ পাৰ্কিং ব্যৱস্থাই জনজীৱন বিপদাপন্ন কৰি তুলিছে৷বিশেষকৈ পদপথসমূহ কেৱল পদপথেৰে অহা-যোৱা কৰা যাত্ৰী সকলৰ ব্যৱহাৰৰ বাবেহে৷সেয়ে পদপথত ৰখাই থোৱা বাহনে অন্য এজনৰ জীৱনলৈ বিপদ মাতি অনাৰ লগতে দৈনিক সমস্যাৰ সন্মুখীন কৰে৷কিন্তু এই সকলো জানিও জধে-মধে গঢ়ি উঠা একাংশ ব্যক্তিগত প্ৰতিষ্ঠানৰ সন্মুখৰ পদপথত গঢ়ি উঠা বাহনৰ পাৰ্কিঙে অনাগত দিনত অধিক সমস্যাৰ সৃষ্টি কৰিব৷উল্লেখযোগ্য যে মহানগৰৰ আৰ জি বৰুৱা পথৰ কাষতে থকা চিটি চেণ্টাৰ মলৰ বাবে এতিয়া দৈনিক মলটোৰ সন্মুখেৰে অহা-যোৱা কৰা সাধাৰণ লোকসকল হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে৷কাৰণ চিটি চেণ্টাৰ মলৰ সন্মুখৰ পদপথত দৈনিক মলটোৰ কৰ্মচাৰী আৰু গ্ৰাহকে দপথৰ ওপৰতে আইন উলংঘা কৰি দুচকীয়া বাহন পাকিং কৰাৰ প্ৰতিযোগিতাত নামি পৰিছে৷যাৰ বাবে মলটোৰ সন্মুখেৰে এতিয়া সাধাৰণ নাগৰিকে পদপথেৰে খোজকাঢ়ি অহাৰ কথাটো বাদেই কাষতে থকা কেইবাটাও চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, সংবাদ প্ৰতিষ্ঠানৰ কৰ্মীসকল কাৰ্যালয়লৈ অহাৰ ক্ষেত্ৰতো অসুবিধাৰ সৃষ্টি হৈছে৷চিটি চেণ্টাৰৰ কৰ্মচাৰীয়ে সমগ্ৰ পদপথটো বাহনৰ পাকিংস্থলী কৰি তোলাত এতিয়া স্থনীয় লোকসকলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷যাৰ পৰিপেক্ষিতত পদপথৰ নামত থকা অকণমাণ ঠাই এতিয়া পথাচাৰী অহা-যোৱা কৰিবলৈ নিৰ্মাণ কৰা হৈছে নে বাহনৰ পাকিং কৰিবলৈ দিয়া হৈছে সেইক্ষেত্ৰত প্ৰশ্নৰ সৃষ্টি হৈছে৷মুঠৰ ওপৰত গুৱাহাটী মহানগৰৰ ‘পদপথ’বোৰ বৰ্তমান সময়ত মানুহে খোজ কাঢ়ি অহা-যোৱা কৰিব পৰা ‘পথ’ নহয়৷যতে ততে পাৰ্কিং কৰা বাহনৰ বিৰুদ্ধে জৰিমনা বিহা মহানগৰ আৰক্ষীয়ে এনে বাইক চালককো নাকী লগোৱাৰ প্ৰয়োজন আছে যদিও চকু মুদি বহি থাকে৷একাংশ চালকৰ বাবে দৈনিক আন লোকসকল অসুবিধাত পৰিব লাগে৷গতিকে আৰক্ষীয়েই হওঁক বা পৰিবহণ বিভাগেই হওঁক বা গুৱাহাটী পৌৰ নিগমেই হওঁক এইক্ষেত্ৰত অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি চিচি চেণ্টাৰ মলৰ সন্মুখৰ পদপথত অবৈধ পাৰ্কিঙৰ সৃষ্টি কৰা লোকসকলৰ বিৰুদ্ধে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো অধিক প্ৰয়োজনীয় হৈ পৰিছে৷