গুজৰাট উপকূলত ২০০ কোটি মূল্যৰ ৪০ কিলোগ্ৰাম হেৰোইনৰ সৈতে ৬ জন পাকিস্তানী নাগৰিক আটক

Pc News18

গুজৰাট উপকূলত ২০০ কোটি মূল্যৰ ৪০ কিলোগ্ৰাম হেৰোইনৰ সৈতে ৬ জন পাকিস্তানী নাগৰিক আটক

ৰঙিলী বাৰ্ত্তাসেৱা- গুজৰাট সন্ত্ৰাসবাদী বিৰোধী দলে ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সৈতে এক যুটীয়া অভিযানত গুজৰাট উপকূলৰ ওচৰৰ আৰৱ সাগৰত পাকিস্তানী মাছ ধৰা নাও এখনৰ পৰা ২০০ কোটি টকাৰ ৪০ কিলোগ্ৰাম হেৰোইন জব্দ কৰে। নাওখনৰ ছয়জন পাকিস্তানী কৰ্মচাৰীকো আটক কৰা হৈছে। ড্ৰাগছ কঢ়িওৱা মাছ ধৰা নাওখন কচ্ছৰ জাখৌ বন্দৰৰ ওচৰত সাগৰৰ মাজভাগত আটক কৰা হয়।