হেঙাৰেই কৰে মোৰ মিঠা উপকাৰ – কবিতা শৰ্মা

Pc- Community of Broken Spirit

হেঙাৰেই কৰে মোৰ মিঠা উপকাৰ 

কবিতা শৰ্মা
দিল্লী

জীবন কি ? জীৱন কিমান? জন্ম আৰু মৃত্যুৰ মাজৰ এই সময় চোৱা যাক আমি জীৱন বুলি কওঁ যাত্র এটি লঘু ক্ষণ! আমি নে এই সংসাৰলৈ অহাৰ সময় নিৰ্দ্ধাৰণ কৰিব পাৰো, নে যোৱাৰ ! নিজৰ বংশ পৰিয়াল বাচি লব পাৰে নে, ভাগ্য! কিন্তু এবাৰ এই জীৱনৰ লগত যুক্ত হোৱাৰ পাছত আমি ইয়াক অন্তহীন বুলি ভাবিবলৈ আৰম্ভ কৰি দিওঁ । য’ত নেকি জীৱনৰ আৰম্ভণিতে জীৱনৰ অন্তও নিশ্চিত হৈ থাকে। ভ্ৰম বশতঃ আমি সকলোৱে এডাল দুডাল কৈ খেৰ কূটা গোটাই ভবিষ্যতৰ সোণালী সপোন সজাওঁ আৰু নিজৰ বস্তুবোৰত “মই-মোৰ” মোহৰ লগোৱা আৰম্ভ কৰি দিওঁ । কিন্তু জীৱনৰ বাট আমি ভবাৰ দৰে সকলো সময়তে মসৃণ নহয় বা আমি আশা কৰাৰ দৰে আমাৰ জীৱন সম্পূর্ণ ভাবে সুৰক্ষিতো নহয় । যদিও আমাৰ জীৱনলৈ আহিব ধৰা বিপদৰ আগজাননী জীৱনে আমাক নিদিয়ে, যেনেকৈ নিদিয়ে জীৱন জীয়াৰ দ্বিতীয় অৱকাশ৷ আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সমস্যাই হ’ল –আমি সকলোৱে বিচাৰো এটা সমস্যামুক্ত জীৱন ৷ সেয়েহে যেতিয়াই আমাৰ জীৱনলৈ কোনো সমস্যা আহে আমি উৎকণ্ঠিত হৈ পৰো, মুহুৰ্ততে আমাৰ সজাই তোলা সকলোবোৰ সুন্দৰ সপোন যেন থানবান হৈ পৰে । সুন্দৰ ৰৌদ্রোজ্বল আকাশখন হঠাতে কলীয়া মেঘ এজাকে আৱৰি ধৰাৰ দৰে নিৰাশাৰ এন্ধাৰে আমাৰ মনৰ আকাশ খন আৱৰি ধৰে। পৰিস্থিতিৰ সৈতে যুজাঁৰ সকলো সামর্থ্য যেন হেৰাই যায়। কিন্তু জীৱনৰ দুখবোৰ, জীৱনলৈ অহা কঠিন পৰিস্থিতিবোৰ, জীৱনৰে এটা অংশ । এই পৃথিৱীত এনে কোনো ব্যক্তি নাই যিজনে কেতিয়াও কোনো সমস্যাৰ সন্মুখীন হোৱা নাই, বা সংগ্ৰাম কৰিবলগীয়া হোৱা নাই বা সংগ্ৰাম কৰিও সকলো সময়তে সফল হৈছে। প্ৰকৃততে জীৱনলৈ অহা এই কঠিন পৰিস্থিতিয়ে আমাৰ ধৈৰ্য্য, সাহস আৰু চৰিত্ৰৰ পৰীক্ষা লয় আমাক আত্মনিৰ্ভৰশীল কৰি তোলে। ইংৰাজীত এষাৰ কথা আছে –“There is no gain without pain ।” যিজনে জীৱনৰ এনেবোৰ বিপৰীত পৰিস্থিতি সাহসেৰে মুখামুখি হৈ অতিক্ৰম কৰিব পাৰে তেৱেই জীৱনত প্ৰকৃত সুখ,শান্তি আৰ পৰিপূৰ্ণতা বিচাৰি পায় ৷

এটা কথা আমি কেতিয়াবা ভাবি চাওঁ নে যে দৈনন্দিন সময়ত যেতিয়া আমাৰ জীৱন সহজ গতিত চলি থাকে, বাতৰি কাকত খন বা টিভিৰ ৰিমোট টো হাতত লৈ আনৰ লগত ঘটা ঘটনা – দুর্ঘটনা যেনে – দুৰাৰোগ্য ৰোগগ্রস্ততা, মৃত্যু, চুৰি -ডকাইটি, হত্যা – লুন্ঠন, ধর্ষণ, অপহৰণ, আত্মহত্যা, এচিদ আক্রমণ, নানানটা প্রাকৃতিক দুর্যোগ —ভূমিকম্প, চুনামী, বানপানী, ভূমিস্খলনত পতিত আদিৰ খবৰ বোৰ পঢ়ি – শুনি ইস্ -আস্ কৰো তেতিয়া জানো এই কথা আমাৰ মনলৈ আহে যে এনে যি কোনো ধৰণৰ ঘটনা যি কোনো সময়ত আমাৰ লগতো ঘটিব পাৰে । তেনে কোনো প্ৰত্যাহ্বান আমাৰ জীৱনলৈ অহাৰ সময়ত আমি যদি পাৰ কৰি অহা জীৱনটোলৈ এবাৰ উভতি চাওঁ তেতিয়া হলে হয়তো দেখা পাম যে তাতকৈও ডাঙৰ প্ৰত্যাহ্বান ইতিমধ্যে পাৰ কৰি আহিয়েই আজি আমি বর্তমানৰ সময়ত উপস্থিত হৈছো ।

এই কথা আমি সদায় মনত ৰখা উচিত যে সকলো সমস্যাৰে সমাধান আছে, মাত্র আমি বুজি পাব লাগিব আমাৰ হাতলৈ অহা সেই সুযোগ বোৰৰ বিষয়ে। যাতে জীৱনৰ বিপৰীত পৰিস্থিতিৰ উদ্বেগপূর্ণ মুহুৰ্তবোৰত বিতত হৈ আমি এনে কোনো ভুল সিদ্ধান্ত লৈ নেপেলাওঁ, যিবোৰ সিদ্ধান্তই আমাৰ জীৱনত বিৰূপ প্ৰভাব পেলাব পাৰে। সেইকাৰণে যি কোনো সিদ্ধান্ত লোৱাৰ আগতে আমি সম্ভাৱ্য – অসম্ভাৱ্য, ভাল – বেয়া সকলো দিশ ভালকৈ চালিজাৰি চোৱাৰ অতি প্রয়োজন।

সময় আটাইতকৈ সত্য আৰু শক্তিশালী, কিন্তু সময় কেতিয়াও নিখুঁত হব নোৱাৰে সময়ক নিখুঁত আমিয়েই কৰি লব লাগিব আৰু যিজনে তেনে কৰিব পাৰে তেওঁলোকেহে সদায় হাঁহিমুখে সময়ৰ সৈতে আগবাঢ়ি যাব পাৰে। সময়ৰ পৰিবৰ্তনৰ লগে লগে মানুহৰ জীৱনৰ পৰিবৰ্তনো নিশ্চিত। আচলতে জীৱন যেন সঙ্গীতৰ এক ছন্দ … জন্ম – মৃত্যু, দিন-ৰাতি, সুখ-দুখ, হাঁহি-কান্দোন, মিলন-বিচ্ছেদ, সফলতা অসফলতা … সমুদ্ৰৰ ঢৌৰ উত্থান -পতনৰ দৰে এটা আছে বাবেই আনটোৰ সাৰ্থকতা! ঠিক তেনেকৈয়ে মানুহৰ জীৱনতো প্ৰতিবন্ধকতা থকাৰ প্ৰয়োজন । অনায়াসে পোৱা সফলতা মূল্যহীন হৈ পৰে আৰু তেনে সফলতা উপভোগ কৰা নাযায় ৷ সফলতাৰ গল্পত মাত্ৰ এটা বার্তা থাকে, কিন্তু ব্যৰ্থতাৰ গল্পত সফল হোৱাৰ অনেক উপায় থাকে । সূৰ্য্যৰ দৰে উজ্জ্বল হবলৈ হলে সূৰ্য্যৰ দৰে জ্বলিবও শিকিব লাগিব যিকোনো মহান আৰু সফল ব্যক্তিৰ জীৱনৰ সংঘৰ্ষলৈ যদি মন কৰো দেখা যাই যে সফলতা প্রাপ্তিৰ বাবে তেওঁলোকে কিমান কঠোৰ সংঘৰ্ষ কৰিব লগীয়া হৈছিল।

জীৱন যিমানেই প্ৰত্যাহ্বান পূৰ্ণ নহওক কিয়, কিন্তু এই কথাও সচা যে জীৱন সুন্দৰ…..জীৱনৰ প্ৰতিটো মুহুর্ত একো একোটা উৎসৱ সদৃশ জীৱন যদি গোলাপ ফুলৰ শয্যা হয় তেতিয়া হলে এই কথাও আমি মনত ৰাখিব লাগিব যে ফুলৰ লগত তাৰ কাইটীয়া অংশও থাকে। কাইটবোৰে আমাক শিকনি দিয়ে, কেনেদৰে সফলতা আৰু সুখো কন্টকতাপূর্ণ হব পাৰে । কিন্তু তাৰ বাবে নিৰাশ হোৱাৰ ঠাইত এই কথা আমি মনত পেলোৱা উচিত যে জীৱনৰ সুন্দৰতাই এদিন সেই কাইটীয়া পীড়াক নাইকীয়া কৰিব। জাহাজ এখন যেতিয়া গভীৰ পানীলৈ যায়, তেতিয়া ধুমুহাত পৰাৰ আশংকা থাকে কিন্তু ধুমুহাৰ ভয়ত যদি জাহাজখন কিনাৰতে ৰৈ থাকে, তেতিয়া তাত যাযৰে ধৰিব। মামৰে ধৰাৰ কাৰণে জাহাজ খন কেতিয়াও প্ৰস্তুত কৰা নহয়। ঠিক তেনেদৰেই সমুখ সমৰৰ পৰা পলায়ন কৰাৰ বাবে আমাৰ জীৱন নহয়। বৰঞ্চ প্ৰত্যাহ্বানৰ সমুখত সাহসেৰে ঠিয় দিয়াতহে জীৱনৰ মহানতা। যদি আপুনি পৰাজিত হয় তেতিয়াও আশা নেৰিব কাৰণ সৃষ্টিকর্তাইও সেই সকলকহে সহায় কৰে যিসকলে কঠোৰ পৰিশ্ৰম কৰে। নেৰানেপেৰা পৰিশ্ৰমৰ ফলত এদিন নিশ্চয় তেওঁ সফল হবই। জীৱনত প্ৰতিভাশালী আৰু সফল হব লাগিলে আমি প্ৰত্যাহ্বানৰ মুখামুখি হবই লাগিব। ইয়াৰ কোনো বিকল্প নাই।

আমাৰ ছাৰিও ফালে লক্ষ্য কৰিলে দেখা যায় কিছুমান মানুহে যদি সহজে নিজৰ লক্ষ্যত উপনীত হয় আন কিছুমানে বাৰে বাৰে বিফল হয় । দুর্ভাগ্যই যেন তেওঁলোকৰ পাছ নেৰে তেনে অনুভৱ হয়। তেতিয়া আমি কি কৰা উচিত? জীৱনৰ ওচৰত নতশিৰ হোৱা ? আমি কি পালো বা আমি কি পাব পাৰিলোঁ হয় সেয়া চিন্তা কৰি ঠাইতে ৰৈ যোৱা। ৰৈ যোৱাৰ নাম জীৱন নহয়। জীৱনৰ অনন্ততাক অন্তলৈ লৈ যোৱাৰ নামহে জীৱন। যিজনে এই পথ সুসংযমিত আৰু সুব্যৱস্থিত কৰিব পাৰে তেৱেই জীৱনত মহান আৰু সফল হব পাৰে । গতিকে জীৱনত হাঁহিমুখেৰে প্ৰত্যাহ্বানৰ সন্মুখীন হওক। সফল হলেও ভৰিখন যাতে মাটিতে থাকে আৰু অসফল হলে ইয়াৰ পৰা জীৱনৰ শিক্ষাতো আমি পালোৱেই

সৰ্বকালৰ মহান শিল্পী ড° ভূপেন হাজৰিকাদেৱে সেয়েহে তেখেতৰ গীতৰ শাৰীৰে কৈছে —

উড়ন্ত মনে যোৰ নাযানে হেঙাৰ
হেঙাৰেই কৰে মোৰ মিঠা উপকাৰ
সময়ৰ অগ্ৰগতি পক্ষীৰাজত উঠি
যাওঁ মই নতুন দিগন্তলৈ হাঁহিমুখে …