বিশ্বনাথত বিজেপি কৰ্মীক হত্যা

pc The Statesman

বিশ্বনাথত বিজেপি কৰ্মীক হত্যা

ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্বনাথৰ ইটাখোলাত অচিনাক্ত দুৰ্বৃত্তই এজন বিজেপি কৰ্মীক হত্যা কৰে। ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত দুই নং ইটাখোলাৰ শান্তিপুৰ গাঁৱৰ এটা পুখুৰী পাৰত যুৱকজনক তেজৰে লুটুৰি–পুটুৰি অৱস্থাত উদ্ধাৰ কৰা হৈছিল৷ বাৰ্ড সদস্য জানমণি বৰাক অচিনাক্ত দুষ্কৃতিকাৰীয়ে চোকা অস্ত্ৰৰে উপৰ্যুপুৰি আঘাত কৰি নৃশংসভাৱে হত্যা কৰি পেলাই থৈ যায়। ঘটনা সংঘটিত হোৱাৰ পিছতেই বিশ্বনাথৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। বিধায়ক পদ্ম হাজৰিকাই বিজেপি কৰ্মীক হত্যাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।বিধায়কজনে কয়, ‘‘হত্যাকাৰী সাৰি যাব নোৱাৰিব৷ হত্যাকাৰীক অতি সোনকালেই কৰায়ক্ত হ’ব৷ বিশ্বনাথ জিলাৰ ইটাখোলাৰ শান্তিপুৰত নিশা উপস্থিত হৈ বিজেপি কৰ্মীক হত্যা কৰা সম্পৰ্কত এই মন্তব্য কৰিলে বিধায়ক পদ্ম হাজৰিকাই৷