এআইএফএফৰ নতুন সভাপতি হিচাপে কল্যাণ চৌবে নিৰ্বাচিত

Pc NDTV sports

এআইএফএফৰ নতুন সভাপতি হিচাপে কল্যাণ চৌবে নিৰ্বাচিত

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাক্তন ভাৰতীয় ফুটবলাৰ কল্যাণ চৌবেক নতুন সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ সভাপতি নিৰ্বাচিত কৰা হৈছে।৩৩খন ৰাজ্যিক ফুটবল ফেডাৰেচনৰ সাধাৰণ সম্পাদকে তেওঁক ভোট দিয়াৰ লগে লগে তেওঁ ভাইচুং ভূটীয়াক পৰাস্ত কৰে। তেওঁৰ বিপৰীতে ভূটিয়াই মাত্ৰ এটা ভোট লাভ কৰে। ২০২০ চনৰ ডিচেম্বৰ মাহত প্ৰথমবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এআইএফএফৰ সংবিধান প্ৰস্তুত কৰাত পলম হোৱাকে ধৰি একাধিক কাৰকৰ বাবে পলম হৈছিল।