বিজেপি, সাৱধান হওক: মনীষ ছিছ’ডিয়া
ৰঙিলী বাৰ্ত্তাসেৱা- আপৰ সাংসদ সঞ্জয় সিঙে দল সলনি কৰিলে বিজেপিয়ে ২০ কোটিকৈ টকাৰ প্ৰস্তাৱ দিয়া বুলি দাবী কৰাৰ কিছু সময়ৰ পিছতে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়াই টুইট কৰি কয়, “বিজেপি, সাৱধান হওক”। তেওঁ লগতে কয়, “এইসকল অৰবিন্দ কেজৰিৱালৰ সৈনিক, ভগত সিঙৰ অনুগামী। তেওঁলোকে প্ৰাণ বলিদান দিব কিন্তু কেতিয়াও প্ৰতাৰণা নকৰে। তেওঁলোকৰ সন্মুখত চিবিআই আৰু ইডিৰ কোনো কাম নাই।”