ৰে’ল যাত্ৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

ৰে’ল যাত্ৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ-পূব সীমান্ত ৰে’লৱেই কেইবাখনো ৰে’লৰ সময়সূচী সলনি কৰিছে।এই তথ্য সংবাদ মাধ্যমক জনাইছে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে’ই।যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য চাবলৈ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে অনুৰোধ জনাইছে।এই ৰেলসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি (IRCTC) ৱেবছাইটত আৰু এনটিইএছ (NTES)ৰ জৰিয়তে উপলব্ধ আছে।১৫৪১৭ নং (আলিপুৰদুৱাৰ জংচন–শিলঘাট টাউন) ৰাজ্য ৰাণী এক্সপ্ৰেছ ৰে’লখন প্ৰতি মঙলবাৰ, শুকুৰবাৰ আৰু দেওবাৰে ১৯ আগষ্ট, ২০২২ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ পুৱা ৭ বাজি ৩৫ মিনিটত নগাঁৱত উপস্থিত হ’ব আৰু ৭ বাজি ৪০ মিনিটত প্ৰস্থান কৰিব। ১৫৪১৮ নং (শিলঘাট টাউন-আলিপুৰদুৱাৰ জংচন) ৰাজ্য ৰাণী এক্সপ্ৰেছ ৰে’লখন প্ৰতি বুধবাৰ, শনিবাৰ আৰু সোমবাৰে ২০ আগষ্ট, ২০২২ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ নগাঁৱত বিয়লি ৬ বাজি ৩৮ মিনিটত উপস্থিত হ’ব আৰু ৬ বাজি ৪৩ মিনিটত প্ৰস্থান কৰিব।১৫৬৩৫ নং (ওখা-গুৱাহাটী) দ্বাৰকা এক্সপ্ৰেছ ৰে’লখন আজি ১৯ আগষ্ট, ২০২২ (শুক্ৰবাৰ) ৰ পৰা কাৰ্যকৰী হোৱাকৈ ওখাৰ পৰা যাত্ৰা আৰম্ভ কৰি ২০ আগষ্ট (শনিবাৰে) পুৱা ৫ বাজি ১৯ মিনিটত ভৱানী মাণ্ডি ষ্টেচন গৈ পাব আৰু ৫ বাজি ২০ মিনিটত এই ষ্টেচনৰ পৰা প্ৰস্থান কৰিব।২২ আগষ্ট, ২০২২ (সোমবাৰে)ৰ পৰা কাৰ্যকৰী হোৱাকৈ গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰিবলগীয়া ১৫৬৩৬ নং (গুৱাহাটী-ওখা) দ্বাৰকা এক্সপ্ৰেছ ৰেলখনৰ ২৪ আগষ্ট, ২০২২ (বুধবাৰে) পুৱা ৫ বাজি ২৯ মিনিটত ভৱানী মাণ্ডি ষ্টেচন গৈ পাব আৰু ৫ বাজি ৩০ মিনিটত এই ষ্টেচনৰ পৰা প্ৰস্থান কৰিব।আজি ১৯ আগষ্ট, ২০২২ তাৰিখ (শুকুৰবাৰ)ৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰেল নং. ১৫৬৫৪ (জম্মু তৱী-গুৱাহাটী) অমৰনাথ এক্সপ্ৰেছ ৰেলখনে যাত্ৰা আৰম্ভ কৰি ২১ আগষ্ট, ২০২২ (দেওবাৰ) তাৰিখৰ ৰাতিপুৱা ৪ বাজি ২৫ মিনিটত সমস্তিপুৰ ষ্টেচনত গৈ উপস্থিত হব আৰু ৪ বাজি ৪৫ মিনিটত উক্ত ষ্টেচনৰ পৰা প্ৰস্থান কৰিব।