নূন্যতম গ’লৰ ব্যৱধানত কাটাৰৰ বিৰুদ্ধে পৰাস্ত হ’ল ভাৰত

Talengana Today

অনলাইন বাৰ্ত্তাসৱোঃ- ফিফা বিশ্বকাপ যোগ্যতা নিৰ্ণয়কাৰী এখন মেচত কাটাৰৰ বিৰুদ্ধে নূন্যতম গ’লত পৰাজয়ৰ সন্মুখীন হ’ল ভাৰত। অনুষ্ঠিত মেচখনত কাটাৰে ভাৰতক পৰাস্ত কৰে ১-০ গ’লৰ ব্যৱধানত। মেচখনত ভাৰতে গ’ল কৰাৰ সুযোগ লাভ কৰিছিল যদিও কাৰ্যকৰী কৰাত ব্যৰ্থ হয়। ইফালে প্ৰথমাৰ্ধত ভাৰতৰ ৰাহুলক ৰঙা কাৰ্ড দেখুৱাই ৰেফাৰীয়ে খেল- পথাৰৰ পৰা ৰাহিৰ কৰাৰ পাছত দহজন খেলৱৈৰে সমৃদ্ধ দলটোৱে কাটাৰৰ বিৰুদ্ধে যুঁজ দিছিল। মেচখনত অধিক গ’ল হোৱাৰ পৰা ভাৰতক ৰক্ষা কৰে গ’লৰক্ষক গুৰপ্ৰীত সিং সান্বুৱে। খেলখনত ভাৰতীয় গ’লৰক্ষকগৰাকীয়ে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। মেচখনত গ’লক্ষকগৰাকীয়ে ৯ টাৰো অধিক কঠিন শ্বট প্ৰতিহত কৰি ভাৰতক বিপদৰ পৰা ৰক্ষা কৰিছিল। কিন্তু তেওঁৰ এনে দুৰ্দান্ত প্ৰদৰ্শনৰ পাছতো পৰাজয়ৰ পৰা হাত সাৰিব নোৱাৰিলে ভাৰত। ফলত মেচখনত ১-০ গ’লত পৰাস্ত হয়। এতিয়া ভাৰতে বাংলাদেশৰ বিৰুদ্ধে অহা ৭ জুনত পৰৱৰ্তী মেচত অংশ ল’ব।