অনলাইন বাৰ্ত্তাসৱোঃ- সুদীৰ্ঘ ৮ বছৰৰ মূৰত ফ্ৰেন্স অপেনৰ চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হ’ল ভিক্টোৰিয়া আজাৰেংকা। এসময়ৰ মহিলা টেনিছত বিশ্বক্ৰমৰ এক নং স্থানৰ খেলুৱৈগৰাকীয়ে ২০১৩ চনৰ পৰা ফ্ৰেন্স অপেনৰ চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হোৱা নাছিল। অৱশেষত শুকুৰবাৰে এই দীৰ্ঘ ব্যৰ্থতাৰ অন্ত পেলাই তেওঁ প্ৰতিযোগিতাখনৰ চতুৰ্থ ৰাউণ্ডত স্থান সুৰক্ষিত কৰে। তৃতীয় ৰাউণ্ডৰ মেচখনত তেওঁ মুখামুখি হৈছিল আমেৰিকাৰ মেডিছন কিজৰ বিৰুদ্ধে। মেচখনত একালৰ তাৰকা খেলুৱৈগৰাকীৰ বিৰুদ্ধে কোনো প্ৰতিৰোধ গঢ়িব নোৱাৰিলে আমেৰিকাৰ খেলুৱৈগৰাকীয়ে। ফলত তেওঁ মেচখনত জয় সাব্যস্ত কৰে ৬-2, ৬-2 ছেটৰ ব্যৱধানত। উল্লেখ্য যে বেলাৰুছৰ ভিক্টোৰিয়া আজাৰেংকাই এই পৰ্যন্ত ফ্ৰেন্স অপেনৰ খিতাপ দখল কৰিবলৈ সক্ষম হোৱা নাই । ৮ বছৰ পূৰ্বে তেওঁ প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল। সেয়াই আছিল ফ্ৰেন্স অপেনত তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন।
৮ বছৰৰ মূৰত ফ্ৰেন্স অপেন টেনিছ টুৰ্ণামেন্টত চতুৰ্থ ৰাউণ্ডত আজাৰেংকা
