মৰিগাঁও বাসীৰ বাবে সু-খবৰ

মৰিগাঁও বাসীৰ বাবে সু-খবৰ

মৈৰাবাৰী,ৰঙিলী বাৰ্ত্তাসেৱা-  যি সময়ত ৰাজ্যৰ শিক্ষিত যুৱক- যুৱতীয়ে কৰ্ম সংস্থাপনৰ বাবে হাবাথুৰি খাবলগীয়া হৈছে তেনে সময়তেই মৰিগাঁও জিলাৰ কেইজনমান উদ্দমী যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে “আৰ ইণ্ডিয়া” নামৰ কোম্পানী। আৰ ইণ্ডিয়া টেকন’লজী প্ৰাইভেট লিমিটেডৰ প্ৰধান উদ্দেশ্য হৈছে গাঁৱলীয়া ৰাইজৰ মাজত সম্পূৰ্ণ ৰূপে বিনামূলীয়া এম্বুলেন্স সেৱা প্ৰদান কৰা। যোৱাকালি সন্ধিয়া অসমৰ জনপ্ৰিয় গায়ক বাবু বৰুৱাই বন্দি প্ৰজলনৰে মধ্য অসমৰ মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰীৰ বালিগাঁৱত প্ৰথমটো জিলা কাৰ্যালয আনুষ্ঠানিক ভাৱে মুকলি কৰি আৰ ইণ্ডিয়াই ৰাইজৰ সেৱাত উৰ্চগা কৰা ৬ খন এম্বুলেন্সৰ শুভাৰম্ভ কৰে। কাৰ্যালয় মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা মুকলি সভাখন স্থানীয় শিল্পীৰ বিহু নৃত্যৰে আৰম্ভণি হয়। মুকলি সভাত সভাপতিত্ব কৰে বৰিগাওঁ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক আলহাজ হুছেইনে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে- চাহিল আহমেদ হুছেইনে। মুখ্য অতিথি বাবু বৰুৱাৰ লগতে, সংগীত প্ৰযোজক অজয় ফুকন, বিশিষ্ট বোলছবি নিৰ্মাতা মনোজ কুমাৰ,আমছুৰ প্ৰাক্তন সভাপতি আজিজুৰ ৰহমান,চেঙা সমষ্টিৰ প্ৰাক্তন বিধায়ক মুক্তাৰ হুছেইন খাঁন আৰু আৰু বেছামাৰীৰ সমাজ সেৱক গুলজাৰ হুছেইন উপস্থিত থাকি মুকলি সভাখনৰ সৌন্দৰ্য বৃদ্ধি কৰে। আয়োজক সমিতিয়ে উল্লেখ কৰা মতে অতি শীঘ্ৰেই “আৰ ইণ্ডিয়াৰ” এক এপ’চ আৰু ইউটিউব চেনেলন উপলব্ধ হ’ব ।যাৰ জৰিয়তে গ্ৰাম্যাঞ্চলৰ ৰাইজে বিনামূলীয়া এম্বুলেন্স সেৱাৰ সৈতে ১৮ প্ৰকাৰৰ সুবিধা অতি সহজে সুলভ মূল্যত লাভ কৰিব।