শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতক ৪ আগষ্টলৈকে ইডিৰ জিম্মালৈ প্ৰেৰণ 

PcScroll.in

শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতক ৪ আগষ্টলৈকে ইডিৰ জিম্মালৈ প্ৰেৰণ 

ৰঙিলী বাৰ্ত্তাসেৱা-  এখন বিশেষ আদালতে পাত্ৰ চাওল ভূমি কেলেংকাৰী গোচৰ সন্দৰ্ভত শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতক ৪ আগষ্টলৈকে প্ৰৱৰ্তন সঞ্চালকালয়ক (ইডি)ৰ জিম্মালৈ প্ৰেৰণ কৰে। ইয়াৰ আগতে, ইডিয়ে ৰাউতৰ ৮ দিনৰ বাবে জিম্মাত বিচাৰিছিল। ইডিৰ উকীলে দাবী কৰিছিল যে ৰাউতক চাৰিবাৰ মাতি পঠোৱা হৈছিল কিন্তু তেওঁ কেৱল এবাৰহে সংস্থাটোৰ সন্মুখত উপস্থিত হৈছিল।