হিচাপ- নিতু বড়া , শিৱসাগৰ

pc-dreamstimes

হিচাপ

মন যাই…..
বেহিচাপী মনৰ
হিচাপবোৰ দলিয়াই….
তোমাৰ হাত ধৰি
এদিন নিৰুদ্দেশ হৈ যাম ।

প্ৰতিটো উশাহৰ
হিচাপ পাহৰি
জীৱনৰ বেহিচাপ সপোনবোৰ
খেদি যাম …. চুই চাম…..
মন যাই…..
তোমাৰ হাত ধৰি
এদিন নিৰুদ্দেশ হৈ যাম ।

নিতু বড়া , শিৱসাগৰ।