টাৱাঙলৈ গৈ আদবাটতে ৪ অসমীয়া যুৱকৰ কৰুণ মৃত্যু

PC- The Janambhumi

টাৱাঙলৈ গৈ আদবাটতে ৪ অসমীয়া যুৱকৰ কৰুণ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- অৰুণাচলত নিখোজ হোৱা অসমৰ চাৰি যুৱকৰ মৃতদেহ উদ্ধাৰ।অৰুণাচলৰ জিৰ’ৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ২০০ ফুট তলত উদ্ধাৰ হ’ল ৪ গৰাকী যুৱকৰ মৃতদেহ । নগাঁৱৰ বেদান্ত বৰমেহেলা, নয়ন বসুমতাৰী, তেজপুৰৰ সঞ্জীৱ দাস আৰু সোণাপুৰৰ হীৰক বড়োৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।বন্ধুৰ সৈতে অৰুণাচল প্ৰদেশ ফুৰিবলৈ বুলি গৈছিল অসমৰ চাৰিও যুৱক।নগাঁও চহৰৰ লাওখোৱা ৰোডৰ বেদান্ত বৰমহেলা (৩২) আৰু বঢ়মপুৰ কন্দলীৰ নয়ন বসুমতাৰী(৩২) যোৱা ১৯ জুলাইত নগাঁৱৰ পৰা সোণাপুৰৰ বন্ধু হিৰক বড়োৰ সৈতে তেজপুৰলৈ ওলাই গৈছিল।অৰুণাচল ভ্ৰমণলৈ বুলি যোৱা যুৱক কেইজন চেঁচা-ডিৰাং পথত সন্ধানহীন হৈ পৰিছিল । ১৯ জুলাইৰ সন্ধিয়াৰে পৰা পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ ব্যাহত হৈ পৰিছিল।উল্লেখযোগ্য ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল চাৰিওগৰাকী যুৱক যোৱা ভক্সৱেগন প’ল’ বাহনখন।আৰক্ষীয়ে সদৰি কৰা অনুসৰি ঘন কুঁৱলিৰ বাবেই এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হবলৈ পায়।মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হৈছে। যুৱককেইজনৰ অকাল মৃত্যুৰ বাতৰিয়ে অঞ্চলটোৰ ৰাইজক শোকস্তব্ধ কৰি তুলিছে।