সেনাৰ নিয়ম অনুসৰি অগ্নিবীৰৰ নিযুক্তি হ’ব: অনুৰাগ ঠাকুৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অগ্নিপথ আঁচনিৰ অধীনত নিযুক্তিৰ সময়ত অগ্নিবীৰসকলে জাতিৰ প্ৰমাণপত্ৰ প্ৰদান কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত বিৰোধীৰ সমালোচনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে সেনা নিয়ম ১৯৫৪ আৰু প্ৰতিৰক্ষা সেৱা নিয়ন্ত্ৰণ ১৯৮৭ অনুসৰি অগ্নিবীৰসকলক নিযুক্তি দিয়া হয়। “আপৰ দৰে কিছুমান দলে বিপথে পৰিচালিত আৰু মিছা কোৱাৰ চেষ্টা কৰে। তেওঁলোকে সত্য নজনাকৈ যুৱক-যুৱতীসকলক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল,” তেওঁ লগতে কয়।
