বৰষা ঋতু ভাল পাওঁ মই- কবিতা শৰ্মা

বৰষা ঋতু ভাল পাওঁ মই….

কবিতা শৰ্মা, দিল্লী 

নীল অঞ্জন ঘন পুঞ্জ ছায়াই সম্বৃত অম্বৰ হে গম্ভীৰ, হে গম্ভীৰ বৰ্ষণ গীত হলো মুখৰিত মেঘ যন্দ্ৰিত ছন্দে কদম্ব বন গভীৰ মগন আনন্দ ঘন গন্ধে …ৰবীন্দ্ৰনাথ

আজি কিছুদিন আগতে মোৰ বান্ধবী এগৰাকীয়ে উল্লেখিত ৰবীন্দ্ৰ সঙ্গীত টো আমাৰ গ্ৰুপত শ্বেয়াৰ কৰি গীতটো মোক গাবলৈ অনুৰোধ কৰিছিল । শুনিবলৈ বৰ মধুৰ গীতটো আছিল গাবলৈ কিছু কঠিন। তথাপিও দুদিনৰ অশেষ পৰিশ্ৰমৰ অন্তত শব্দৰ উচ্চাৰণ, সুৰ, কণ্ঠ কিছু ঠিক ঠাক ৰাখিবৰ প্ৰয়াস কৰি গীতটো ৰেকৰ্ডিং কৰিলোঁ আৰু গীতটো আমাৰ গ্ৰুপত শ্বেয়াৰ কৰিলোঁ। মোৰ বান্ধবী সকলে মোৰ কন্ঠত ৰবীন্দ্ৰ সঙ্গীতটো কিমান উপভোগ কৰিব পাৰিলে সেই বিষয়ে মই কব নোৱাৰিলেও মই নিজেই যেন গীতটোৰ মাজত সোমাই পৰিলোঁ। বিশেষকৈ জীৱনৰ একঘেয়েমিৰ মাজত নিৰস হৈ পৰা মনটো আকৌ এবাৰ জীপাল হৈ উঠিল। মনটো উৰা মাৰিলে শৈশৱৰ সোণোৱালী দিনবোৰলৈ … স্মৃতিৰ মণিকোঠাত সযতনে সাঁচিথোৱা বৰষুনৰ স্মৃতি … সেই চিনাকি বৰষুণ জাক …লগ সমনীয়াৰ লগত বৰষুণত তিতাৰ আমেজ … হাঁহি-ধেমালি … কিযে এক মিঠা অনুভূতিয়ে হৃদয়ত টোকৰ দিলেহি ! এয়াই যে মোৰ মোৰ প্ৰিয় ঋতু বর্ষা …

প্ৰতিজন মানুহৰে নিজস্ব একোটা বিশেষ প্রিয় ঋতু থাকে। যদিও অসমৰ প্ৰতিটো মাহ, প্ৰতিটো ঋতুতে প্রকৃতিয়ে নব ৰূপ ধাৰণ কৰি চৌদিশ অপৰূপ সৌন্দৰ্য্যৰে ভৰাই তোলে . তথাপি বর্ষা ঋতুৰ এক সুকীয়া মাদকতা আছে। কলীয়া মেঘ এজাকে হঠাতে গোটেই আকাশ ছানি ধৰে … গোমা গোমা পৰিবেশৰ মজতে চকামকা ৰ’দ এজাকে আকাশত লুকাভাকু খেলে … হঠাতে কজলা মেঘডৰা আঁতৰাই মুষলধাৰে নামি আহে বৰষুণ জাক ! শুকান মাটিত বৰষুণ পৰি সৃষ্টি হোৱা এটি চিনাকি সুবাস নাকত ধৰেহি … এয়া যে শাওণৰ সুবাস ..এই সুবাস বিয়পি পৰে সৰ্বত্ৰ … সোণাৰুৰ হালধীয়া হাঁহিত কৃষ্ণচুড়াৰ সুৰুঙাৰে নিগৰি অহা ৰ’দ কাচিয়লিত, ৰাধাচুড়াৰ কোমল পাহিত। এনে লাগে যেন প্ৰকৃতিৰ সকলো সৌন্দৰ্য্য বৰ্ষাৰ বুকুতে নিহিত হৈ থাকে, যেনেকৈ নিহিত হৈ থাকে মুঠি মুঠি সেউজ প্ৰতিশ্ৰুতি। সেয়ে হয়তো কবিজনাই লিখিছে এইদৰে —

দহন শয়ন তপ্ত ধৰণী পৰেছিল পিপাসার্তা
পাঠালে তাহাৰে ইন্দ্ৰলোকেৰ অমৃত বাৰিৰ বাৰ্তা মাটিৰ কঠিন বাধা হলো ক্ষীণ
দিকে দিকে হলো দীর্ণ
নব অঙ্কুৰ জয় পতাকাই ধৰাতল সমাকীর্ণ
চিন্ন হয়েছে বন্ধন বন্দীৰ

এক বিন্দু পানীৰ বাবে আকাশলৈ উন্মুখ হৈ ৰৈ থকা চাতকৰ দৰে চৌফলীয়া ৰ’দত আতুৰ হৈ পৰা ধৰণীৰ বুকুলৈ মুষলধাৰে নামি অহা বৰষুণ জাকে নমাই আনে আৰ্দ্ৰতা, প্ৰকৃতিৰ বুকুলৈ নামি আহে শীতলতা … কৃষকৰ বুকুলৈ নমাই আনে এমুঠি সেউজীয়া প্ৰতিশ্ৰুতি। কৃষকে আশাৰ পথাৰত সেউজীয়া সপোন সিচি নতুন উদ্দমেৰে বাট চাই ৰয় সেউজীয়াৰ পৰা হালধীয়া হোৱাৰ পৰিক্ৰমাত ৷ অনাগত দিনত এই বৰষুণ জাকেই আনি দিয়ে বাস্তৱৰ এখন সোণোৱালী জীয়া ছবি আৰু ন-ন আশাৰ ৰেঙণি । সৃষ্টিৰ আকুলতাত সম্ভাবনাময় হৈ উঠে কৃষিপথাৰ ৷

অবশ্যে বহুতেই হয়তো ভাবিব পাৰে গুৱাহাটীৰ দৰে কংক্ৰিটৰ মহানগৰীত বাস কৰা মানুহৰ এনে বর্ষা প্রীতি স্বতঃস্ফূর্ত আৰু স্বাভাবিক নহয়।বৰঞ্চ ই কাব্যিক সংস্কাৰৰ ফলত সৃষ্টি হোৱা এক কৃত্রিম প্রীতিহে। অবশ্যেই অপৰিকল্পিতভাৱে সজা বাট পথ, নলা – নৰ্দমাৰ চহৰখনত পানী নিষ্কাষনৰ সুস্থ ব্যৱস্থা নথকা বাবে জলবদ্ধতা সৃষ্টি হোৱা পৰিস্থিতিত বৰ্ষাকাল খুব এটা উপভোগ্য বুলি নিশ্চয় কব নোৱাৰি৷ বিশেষকৈ দৈনন্দিন প্ৰয়োজনত বাহিৰ ওলাই যাব লগীয়া মানুহৰ বাবে । এজাক বৰষুণ পৰাৰ লগে লগে ছাৰিওফালৰ বাট-পথ একাঠু পানীৰে ভৰি পৰে ৷ মহানগৰী পৰে কৃত্রিম বানৰ কবলত । স্বাভাবিক জীৱন যাত্ৰা হৈ পৰে অসহজ, বিপন্ন। ঘৰবোৰৰ পৰিত্যক্ত আবর্জনা, ময়লা,পলিথিন আদিৰে বন্ধ হৈ পৰা নলা নৰ্দমাবোৰ পানীৰে উপচি পৰি বাট পথ পানীৰে একাকাৰ হৈ সৃষ্টি হয় নৰক সদৃশ পৰিবেশৰ । এতিয়াও মনত পৰে বৰ্ষামুখৰ এনে এটা দিনতে কাৰ্য্যালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত ঘাইপথ-পদপথ পানীৰে একাকাৰ হৈ পৰা সাগৰ সদৃশ পৰিস্থিতিত পানীত পৰি তিতিবুৰি একাকাৰ হোৱা দৃশ্য … সেই সময়ত কোনোমতে ৰিক্সা এখন পাই দেবদূত স্বৰূপ ৰিক্সাৱালা (সেই সময়ৰ মোৰ অনুভৱ) টোক কাকূতি-মিনতি কৰি কেনেকৈ ঘৰ পাইছিলোঁ গৰম পানীৰে ঘঁহিপিহি গা ধোৱাৰ পাছতো বহুসময় ধৰি নিজকে অপৰিচ্ছন্ন অনুভব কৰিছিলোঁ । বৰষুণ শেষ হোৱাৰ বহুত দিনৰ পাছতো ছাৰিওকাষৰ কৰ্দমাক্ত বাট-পথৰ অৱশিষ্ট গ্লানি ধুই নিকা কৰিব নোৱাৰিছিল তীব্ৰ ৰ’দ জাকেও। মধ্য বয়সৰ সেই বর্ষাকালীন তিক্ত অভিজ্ঞতাৰ কথা মনত পৰিলে, বৰ্তমান সময়ৰ মোৰ এই বৰ্ষা প্ৰীতি বিশ্লেষণ কৰি পোৱা কাৰণটো নিশ্চয়কৈ অবিচ্ছেদ্য ভাবে মোৰ শৈশৱৰ লগত জড়িত … মই ডাঙৰ-দীঘল হোৱা চিনাকি সেই চহৰ খন, বাট – পথ, মা-দেউতা, ভাইটি – ভন্টি, লগ – সমনীয়াৰ লগত কটোৱা বৰ্ষা মুখৰ সেই সুন্দৰ মুহুৰ্ত বোৰে সৃষ্টি কৰা এক নষ্টালজিয়াই যেন আজিও মোক আচ্ছন্ন কৰি ৰাখিছে ।

তেতিয়া আমি থকা চহৰ খন আছিল সুন্দৰ -পৰিচ্ছন্ন। শৈশৱত লগৰীয়াৰ লগত ঘৰলৈ উভতাৰ পথত বৰষুণ জাক পৰিলেই আনন্দত হৈ পৰো অধীৰ । দৌৰি, জপিয়াই ইজনীয়ে সিজনীৰ গাত পানী ছটিয়াই আধা তিতিবুৰি পোৱা আনন্দ ঘৰ পোৱাৰ পাছত মাৰ গালি চৰেও কৰিব পৰা নাছিল ম্লান । এতিয়াও মনত পৰে দোপালপিটা বৰষুণত ঘৰতে বন্দী হৈ পৰা সময়ত ভাইটি ভন্টিহঁতৰ লগত কাগজৰ নাও সাজি বৰষুণৰ পানীত নাও এৰি দি কাৰ নাও কিমান দূৰলৈ যায় সেই প্ৰতিযোগিতাৰ কথা, সন্ধিয়াৰ বৰষুণত পৰিয়ালৰ সকলোবোৰ বাৰাণ্ডাত একেলগে বহি চাহ -পকোড়া খাই আড্ডা মৰা কথা, মাজত হাৰমনিয়াম লৈ বহা মাৰ দুয়োকাষে বহি বাইদেউৰ লগত বৰষুণৰ দিনত গোৱা গানবোৰ …স্নেহে আমাৰ শত শ্ৰাৱনৰ ,ৰিমঝিম ঝিম বৰষুণ পৰিছিল, বোলৰে পপীহৰা, এই মেঘলা দিনে একলা… ৰাতি বৰষুণ দিলেই ডাঙৰ চচপেন এটাত গৰুৰ ঘিৰে ৰন্ধা যাৰ হাতৰ গৰম গৰম খিচিৰি, আলুৰ দম, বেঙেনা ভাজি … অমৃত সমান সেই আহাৰ … সকলোৱে ডাইনিং টেবুলত একেলগে বহি খোৱাৰ সেই দৃশ্য চিনেমাৰ ফ্লেশবেকৰ দৰে আজিও মোৰ মনৰ মাজত অগাডেৱা কৰে। তেতিয়াৰ দিনবোৰ আছিল সহজ -সৰল । সহজ সৰল আছিল মানুহৰ মনবোৰো ৷ সৰু সৰু সুখবোৰৰ মাজতে আমি বুটলিছিলো জীৱনৰ অমৃতসম সুখবোৰ ৷ কেনেকৈ পাহৰিম মই সেই সহজ সৰল দিনবোৰ …সেই সৰু সৰু সুখবোৰ? দূৰ শৈশৱৰ কোনোবা এটা বৰ্ষামুখৰ দিনতে হয়তো বৰ্ষাৰ প্ৰতি মোৰ এই অপৰিবৰ্তিত মোহগ্রস্থতাৰ বীজ ৰোপিত হৈছিল … বর্ষাই এতিয়াও বহন কৰি আনে শৈশৱৰ সেই মুক্ত আনন্দৰ প্ৰতিশ্ৰুতি, সপোনৰ কোমল ধুসৰতা … বয়স বাঢ়ি অহাৰ লগেলগে সকলো শাৰীৰিক আৰু মানসিক পৰিবৰ্তন স্বত্বেও এতিয়াও মোৰ প্ৰিয় ঋতু বর্ষা .. বর্ষা ঋতু মোৰ কাৰণে জীৱনৰ এক সংজ্ঞাতীত আনন্দ অনুভূতিৰ প্ৰতীক …