২৮০গৰাকী বিশেষভাৱে সক্ষম প্ৰাৰ্থীক শিক্ষকৰ নিযুক্তি পত্ৰ প্ৰদান

pc Facebook

২৮০গৰাকী বিশেষভাৱে সক্ষম প্ৰাৰ্থীক শিক্ষকৰ নিযুক্তি পত্ৰ প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা-   শিক্ষা বিভাগত ২৮০ গৰাকী বিশেষভাৱে সক্ষম প্ৰাৰ্থীলৈ নিম্ন/উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পদৰ নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে, “অসমত নিকাকৈ শিক্ষক নিযুক্তিৰ এটা ধাৰা মুখ্যমন্ত্ৰীয়ে সৃষ্টি কৰিলে। তামোল এখন নিদিয়াকৈও এতিয়া চাকৰি পায়।আগষ্ট-ছেপ্টেম্বৰত ভাল খবৰ আহিব।এক লাখ নিযুক্তিৰ যি প্ৰতিশ্ৰুতি আছিল লাহে লাহে এনেদৰেই পূৰ্ণ কৰিব চৰকাৰে।তেওঁ লগতে কয় যে, ব্যতিক্ৰমী স্থানক বাদ দি ৩০গৰাকীতকৈ কম ছাত্ৰ–ছাত্ৰী থাকিলে সেই বিদ্যালয় থাকিব নালাগে।বিদ্যালয় সমূহত একত্ৰিকৰণ হ’বই।ছেবাই এটা এপ উলিয়াইছে, খুব সোনকালে নৱম-দশমৰ শিক্ষার্থীৰ পৰীক্ষা সেই এপৰ জৰিয়তে পতা হ’ব।কেইজনমান শিক্ষকে বিদ্যালয়লৈ নাযায়, ৰাজনীতি কৰে,এল আই চিৰ কাম কৰে।ভাল শিক্ষককো বিপদত পেলাই ৰিমছ এপতো সেই কেইজনমান বেয়া শিক্ষকে আপত্তি কৰিছিল। আনহাতে বদলিকৰনৰ বাবে পৰ্টেলৰ জৰিয়তে আবেদন কৰিব লাগিব বুলি উল্লেখ কৰি শিক্ষা মন্ত্ৰী গৰাকীয়ে শিক্ষা বিভাগৰ ক’তো ফাইল নাই,বদলিৰ আবেদন পৰ্টেল মতে জনাব লাগিব স্পষ্ট কৰি দিয়ে।