এটা ঘৰ, দুটা শিশু আৰু তিনিজন সৎ মানুহ
দুই দশক পূৰ্বে তিনিজন উচ্চ পদস্থ চৰকাৰী বিষয়াৰ ত্ৰিবেণী সংগমত ঘটা এটা দুস্প্ৰাপ্য কাহিনী। তেওঁ ঘটনাটোৰ মধ্যমণিজন বিজ্ঞানী। দ্বিতীয়জন প্ৰশাসনিক বিষয়া আৰু তৃতীয়জন আৰক্ষী সঞ্চালক প্ৰধান।
বিষয়া তিনিজনৰ সম্পৰ্কটো এনেধৰণৰ― বিজ্ঞানীজনৰ কৰ্মৰত বিভাগটো আৰক্ষীৰ অধীনস্থ বাবে আৰক্ষীৰ সঞ্চালক প্ৰধানজন বিজ্ঞানীজনৰ বছ। ইফালে প্ৰশাসনিক বিষয়াজনৰ ঘৰত ভাড়া থকা হেতুকে বিজ্ঞানীজনৰ লগত তেওঁৰ মালিক-ভাৰাতীয়া সম্পৰ্ক।
আগে পিছে অহাৰ দৰে সেইদিনাও মালিক বিষয়াজন আহিছিল ভাৰাতীয়া বিজ্ঞানীজনৰ কাষলৈ। দুয়ো কথাত মছগুল। এনেতে বিজ্ঞানীজনে লক্ষ্য কৰিলে ঘৰৰ মালিকে অন্যমনস্ক হৈ অন্যফালে একান্তমনে চাই আছে। তেওঁনো কিহলৈ ইমান গভীৰভাৱে চাই আছে জানিবলৈ বিজ্ঞানীজনেও চকু ঘূৰালে। দেখিলে তেওঁৰ কণ কণ ল’ৰাদুটাই ঘৰৰ বেৰত ৰং-পেঞ্চিলেৰে কিবাকিবি আঁকি আছে। লগে লগে বাধা দি ক’লে― “বাপা এইবোৰ ৱালত নআঁকে নহয়। চোৱাচোন ৱালখন কিমান লেতেৰা হ’ল। এইটো আমাৰ ঘৰ নহয় নহয়। বৰদেউতাৰহে ঘৰ। আমি ইয়াত ভাৰাহে আছোঁ।”
ভাড়াঘৰ কি নিজৰ ঘৰ কি বুজি পোৱাৰ বয়স সিহঁতৰ হোৱা নাই। তথাপি পুতেকহঁতৰ কাণ্ডত বিজ্ঞানীজন ঘৰৰ মালিকৰ আগত লাজত পৰিল। মালিকে একো মাত নিদিয়াত তেওঁ কি ক’ব কি নক’ব ভাবি নাপালে। ফলত কেইটামান নিৰৱ মুহূৰ্তই ৰুমটো ৰাজত্ব কৰিলে। এনেতে নিৰৱতাৰ ক্ষন্তেকীয়া শাসন ওফৰাই মালিকে ঘোষণা কৰিলে― “এইটো ঘৰ আজিৰ পৰা মোৰ নহয়। আজিৰ পৰা এই ঘৰৰ মালিক আপুনি।”
“আপুনি কি কৈছে মই বুজি পোৱা নাই।”― বিজ্ঞানীজনে থতমত খাই সুধিলে।
চাওক, আপোনাৰ ল’ৰাদুটাই বেৰত ছবি আঁকি থকা মই বহুপৰে লক্ষ্য কৰি আছোঁ। ইমান উৎসাহেৰে সিহঁতে ছবি আঁকি আছে যেন সিহঁতে ড্ৰয়িং বুকতহে ছবি আঁকিছে। সিহঁতে নাজানে ঘৰটো আচলতে কাৰ। কিন্তু সিহঁতে ঘৰটোক নিজৰ বুলিয়েই লৈছে আৰু সেইধৰণেই ব্যৱহাৰ কৰিছে। সিহঁতক মই এই ঘৰটোৰ পৰা মৰমৰ পৰা বঞ্চিত কৰিব নোৱাৰোঁ। গতিকে ঘৰটো আপুনি কিনি লওক।”
“কিন্তু এই ঘৰটো যে কিনাৰ শকতি মোৰ গাত নাই।”― বিজ্ঞানীজনে অসহায়ভাৱে ক’লে।
“চাওক, কাহিলিপাৰাৰ দৰে ঠাইত বৰ্তমান এই ঘৰ-মাটিৰ মূল্য কিমান হ’ব তাৰ অনুমান আপুনিও কৰিব পাৰে। মোক সেই দাম নালাগে। এই নিষ্পাপ শিশুদুটাৰ মুখলৈ চাই আপোনাক মই মাত্ৰ চৈধ্য লাখ টকা খুজিছোঁ।”― মালিকে ক’লে।
বিজ্ঞানীজনেও অৱশ্যে সেই সময়ত ঘৰ-মাটিৰ প্ৰয়োজনবোধ কৰিব ধৰিছিল। কিন্তু প্ৰয়োজন হ’লেইতো নহ’ব, টকাও লাগিব। তেতিয়া বিজ্ঞানীজনৰ বেংক বেলেন্স এক লাখ টকাও নাছিল। কি কৰিম কি নকৰিম চিন্তাই বিজ্ঞানীজনক খুলি খুলি খাব ধৰিলে। সেয়ে তেওঁ উপায় বিচাৰি ককায়েকলৈ ফোন লগালে। ককায়েকে উপায় দিলে― “একেবাৰে সহজ কথা। মালিকক কৈ দিয়া যে মই মাত্ৰ ছয় লাখ টকাহে দিব পাৰিম। তাৰ ওপৰত এটকাও দিব নোৱাৰোঁ। তেতিয়া মালিকে আৰু তোমাক জোৰ কৰি ঘৰ-মাটি দিয়াৰ প্রশ্নই নাহে।”
ককায়েকৰ বুদ্ধি তেওঁৰ মনে ধৰিলে। তথাপিও তেওঁ ভাবিলে ক’ত চৈধ্য লাখ ক’ত ছয় লাখ? সেয়ে তেওঁ মালিকক ক’লে যে তেওঁ মাত্ৰ আঠ লাখ টকাহে দিব পাৰিব। কথাটো কৈ তেওঁ এটা দীঘল উশাহ ল’লে। যেন এটা ডাঙৰ সমস্যাহে সমাধান হ’ল।
“OK, Done.”― মালিকৰ ঘোষণা।
বিজ্ঞানীজন হতভম্ব। এইবাৰহে যেন তেওঁ আচল সমস্যাৰ সন্মুখীন হ’ল। কাৰণ তেওঁ ঘৰ-মাটি কিনাৰ ফাণ্ডত পৰিল। কিন্তু পইচা?
এটা পাৰ্চনেল লোন বিচাৰি বিভাগীয় মুৰব্বী আৰক্ষী সঞ্চালক প্ৰধানৰ যোগেদি দৰ্খাস্ত কৰিলে। কিন্তু সেই সময়ত তেওঁৰ অৱসৰলৈ আছিল মাত্ৰ পাঁচ বছৰ। তদুপৰি নিয়ম অনুসৰি তেওঁ পাঁচ লাখ টকা লোন কোনো কাৰণতেই নাপায়। পাঁচ লাখতো বাদেই, আনকি লোন আবেদনকাৰীৰ ক্ৰম হিচাপত তেওঁ লোনেই নাপায়। উপায়ন্তৰ হৈ তেওঁ সোঁশৰীৰে সঞ্চালক প্ৰধানৰ কাষ চাপিল।
কিছুদিন পিছত তেওঁৰ লোনটো মঞ্জুৰ হ’ল। কিন্তু আঠ লাখ টকা যোগাৰ নহয়হে নহয়। লোনৰ পাঁচ লাখ আৰু নিজে অ’ৰ ত’ৰ পৰা যোগাৰ কৰি মুঠ ছয় লাখ টকা মালিকৰ হাতত দি বিজ্ঞানীজনে ক’লে― “বাকীখিনি কেতিয়া দিব পাৰিম নাজানোঁ।”
মালিকে ক’লে― “আপোনাৰ সততাৰ ওপৰত মোৰ গভীৰ বিশ্বাস আছে। মই কাহানিও আপোনাক পইছা নাসাধো। আপুনি যেতিয়াই পাৰে দিবহি।” এইবুলি কৈ মালিকে নিজৰ দুই পুত্ৰক মাতিলে। সিহঁতক উদ্দেশ্যি ক’লে― “তোমালোকে এই মানুহজনক ভালকৈ মনত ৰাখা। আমাৰ ঘৰটো এওঁক বিকিলোঁ। পইছা দিয়া শেষ হোৱা নাই। মই যদি হঠাৎ মৰিও যাওঁ, তথাপিও তোমালোকে পইচা বিচাৰি এওঁৰ ওচৰলৈ নাযাবা। এওঁ নিজে আহি পইচা দিব।”
প্রিয় পাঠক, মন কৰিব― ঘৰ-মাটি কিনাৰ সময়ত বিজ্ঞানীজনৰ চাকৰি শেষ হ’বলৈ আছিল পাঁচ বছৰ, আৰু মালিকক ধন আদায় দিবলৈ তেওঁক সময় লাগিছিল অৱসৰৰ পিছত আৰু আঠোটা বছৰ। সততাৰ কি বিশ্ব-বিমোহন নিদৰ্শন! অতি আশ্বায্যজনক কথাটো হৈছে হাতত এটাও টকা নৌপৰোঁতেই মালিকে মাটিখিনি বিজ্ঞানীজনৰ নামত নামজাৰী কৰি দিছিল। সততাৰ সন্মুখত জানো ধন-সম্পত্তিৰ কিবা মূল্য আছে? সেইবাবেইটো শ্বেক্সপিয়েৰে কৈছিল, “No legacy is so rich as honesty.”
ইফালে নাপাবলগীয়া লোনটো যে তেওঁ পাইছিল, তাৰ কাৰণ জানেনে? আৰক্ষী সঞ্চালক প্ৰধানজনৰ এটা বিশেষ টোকা। তেওঁ লিখিছিল― “আবেদনকাৰী বিষয়জনৰ থাকিবলৈ নিজাকৈ ঘৰ-বাৰী নাই। তেওঁ এজন খুব সৎ বিষয়া। তেওঁৰ সততাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। অৱসৰৰ পিছত হ’লেও তেওঁ ঋণ পৰিশোধ কৰিব। গতিকে কোনো নীতি-নিয়ম নোচোৱাকৈ লোনটো দিয়াৰ ব্যৱস্থা কৰিব লাগে।” সেই টোকাটো আছিল অসম আৰক্ষীত ইতিহাস সৃষ্টিকাৰী টোকা, যিটো এটা বিস্ময়কৰ ঘটনা। সততাৰ ওপৰত মানুহৰ কি অসম্ভৱ বিশ্বাস!
তিনিজন অসমীয়াৰ নিভাজ সততাৰ বিশ্ব-বিমোহিত এই বিৰল কাহিনীটো সততা-ৰুগ্ন অসমীয়া সমাজখনৰ বাবে মহৌষধ নহয়নে?
শ্ৰী মুনিন্দ্ৰ বৈশ্য
ওদালগুৰি অসামৰিক চিকিৎসালয়