আধুনিকতাৰ দৌৰত ভাষাৰ সুন্দৰতা
ভাষাক লৈ মহান মনিষীসকলে কোৱা বিভিন্ন মন্তব্য আমি পঢ়ো বা চকুত পৰে।কিন্তু কিমান মানিবলৈ চাইছো বা অলপ হ’লেও অনুকৰণ কৰিছো!বহুতে হয়তে কৰিছো,বহুতে চেষ্টা অব্যাহত ৰাখিছো বা বহুতৰ বাবে এই আধুনিকতাৰ বতাহজাকত উৰি এইসমূহ যেন একাষে পাৰ হৈ যাবলৈ এৰি দিছো।
এতিয়া আহোঁ লিখনিৰ মূল বিষয়বস্তুলৈ; সাহিত্যিকসকলৰ মনৰ ভাৱসমূহ জুকিয়াই এটা কথা ক’ব পাৰোঁ যে,তেওঁলোকে সমস্বৰে কোৱা শুনিবলৈ পাওঁ-“আন ভাষা এটি আয়ত্ত কৰিব নোৱাৰাটো যিমান বিফলতাৰ কথা নিজ ভাষাটোৰ প্ৰতি হেয় জ্ঞান কৰাটো তাতকৈ বহু গুণে অপৰাধৰ কথা।” সঁচাকৈয়ে,বৰ্তমান প্ৰজন্মৰ একাংশই আমাৰ অসমীয়া ভাষাটোৰ প্ৰতি যেন কিছু হেয় দৃষ্টি ৰাখিবলৈ লৈছো।আমি ইমানো আধুনিকতাৰ ধামখুমীয়াত উটি-ভাঁহি গৈছো নে? … যে নিজৰ ভাষাটো প্ৰয়োগ কৰি সম্পূৰ্ণকৈ এষাৰী বাক্য ক’লেও আধুনিকতাত ফেৰ মাৰিব নোৱাৰি বুলি মনোভাৱ এটা আমাৰ কিছুসংখ্যকৰ মনত গঢ় লৈ উঠিছে!
হয়,বৰ্তমান প্ৰতিযোগিতাৰ প্ৰেক্ষাপটত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ভাষাটো নিখুটভাৱে আয়ত্ত কৰিব পৰাটো অতি প্ৰয়োজনীয় কথা,লগতে সিমানেই গৌৰৱৰো কথা যদি আয়ত্ত কৰিব পৰা ভাষাৰ সংখ্যা আমি জীৱনটোত বঢ়াব পাৰোঁ।যিকোনো ভাষাত কথা কওঁতে বা লিখোতে কেইবাটাও ভাষাৰ শব্দৰ সংমিশ্ৰণেৰে ভাষাটো উপস্থাপন কৰিলে ভাষাটোৰ প্ৰকৃত ৰূপ বৃদ্ধি হোৱাৰ সলনি ভাষাটোৰ সুন্দৰতা ম্লান পায় বুলিহে ভালদৰে লক্ষ্য কৰিলে অনুভৱ হ’ব লগতে বুজি উঠিব ইয়াৰ প্ৰকৃত সত্যতাও যে এইয়াই।
কথাকেইটাৰ শেষত এটাই ক’ব লাগিব যে আমি যিমান পাৰোঁ নতুন ভাষা আয়ত্ত কৰাটো ইতিবাচক কিন্তু এটাৰ লগত এটা ভাষাৰ সংমিশ্ৰণেৰে নহয় বৰঞ্চ পৃথকতাৰ জৰিয়তেহে ভাষা এটাই প্ৰকৃত সুন্দৰতা কঢ়িয়াই আনে।
অনন্যা পূজাৰী
বোকাখাত