“ বাস্তৱ বৰ কঠিন “
আমি জীয়াই আছোঁ মাথোঁ এটি আশা লৈ
পত্নীয়ে অকালতে স্বামীক হেৰুৱাই
হাঁহি থাকে ল’ৰা ছোৱালীৰ মুখলৈ চাই
পুত্ৰ শোকত ভাগি পৰা পিতৃ-মাতৃয়ে
জীয়াই থাকে নাতিৰ মুখলৈ চাই
জন্ম হৈয়েই মাতৃৰ উম নোপোৱা
দেৱ শিশুৰ যান্ত্ৰনা কোনে বুজিব ?
হয় ! বাস্তৱ বৰ কঠিন…
জীয়াই থকাৰ অস্তিত্বৰ বাবে
ৰক্তিম বেলিৰ পোহৰে কঢ়িয়াই আনে
এবুকু আশা…
জীৱনৰ সৈতে মুখামুখি হ’বলৈ
প্ৰাপ্তি – অপ্ৰাপ্তিৰ বাসনা
এখোজ দুখোজ কৰি
আগুৱাই যায় জীৱনৰ বাটত
উজ্বল জ্যোতিৰ সন্ধানত
এয়াই বাস্তৱ আমাৰ চকুৰ আগত
হিমাদ্ৰী বৰকটকী
শিৱনগৰ