প্ৰাক্তন কংগ্ৰেছ নেতা হাৰ্দিক পেটেলৰ বিজেপিত যোগদান 

pc hindustan Times

প্ৰাক্তন কংগ্ৰেছ নেতা হাৰ্দিক পেটেলৰ বিজেপিত যোগদান 

ৰঙিলী বাৰ্ত্তাসেৱা-  শেহতীয়াকৈ কংগ্ৰেছ ত্যাগ কৰা গুজৰাটৰ নেতা হাৰ্দিক পেটেলে বিজেপিত যোগদান কৰে। বিজেপিত যোগদান কৰাৰ পূৰ্বে পেটেলে টুইট কৰি কয়, “মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এজন সৰু সৈনিক হিচাপে কাম কৰিম।” তেওঁ লগতে কয়, “ৰাষ্ট্ৰীয় স্বাৰ্থ, ৰাজ্যৰ স্বাৰ্থ, ৰাজহুৱা স্বাৰ্থ আৰু সামাজিক স্বাৰ্থৰ অনুভূতিৰ সৈতে মই আজিৰ পৰা এক নতুন অধ্যায় আৰম্ভ কৰিম।”