এনআৰচিৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাক বহিষ্কাৰ কৰাৰ দাবী আমছুৰ

এনআৰচিৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাক বহিষ্কাৰ কৰাৰ দাবী আমছুৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  এনআৰচিৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাক বহিষ্কাৰ কৰাৰ দাবী জনাইছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে৷ গুৱাহাটীস্থিত আমছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কয়- উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপ আৰু তত্বাৱধানত প্রস্তুত হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাখন ৩১.০৮.২০১৯ তাৰিখে প্ৰকাশ কৰা হয় । বৰ্তমানৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাই নিজৰ ৰাজনৈতিক উচ্চাকাংখাৰ বাবে সমগ্র প্রক্রিয়াটোকে বাতিল কৰিবলৈ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে । উচ্চতম ন্যায়ালয়ৰ আদেশ তথা আইন অমান্য কৰি হিতেশ দেৱশৰ্মাই সময়ে সময়ে চিঠি জাৰি কৰি , সংবাদ মাধ্যম আৰু সামাজিক যোগাযোগ মাধ্যমত মন্তব্য আগবঢ়াই ভুল বার্তা প্ৰেৰণ কৰি আহিছে । ২০১৪ চনৰ মে ‘ মাহত হিতেশ দেৱশৰ্মাক এনআৰচিৰ কাৰ্যবাহী পৰিচালক হিচাপে ৰাজ্য চৰকাৰে নিযুক্তি দিছিল যদিও তেওঁৰ অক্ষমতা , পক্ষপাতমূলক তথা সাম্প্রদায়িক মনোভাৱৰ বাবে ২০১৬ চনৰ শেহৰ ফালে উক্ত পদৰ পৰা তেওঁক আঁতৰাই দিয়ে । পৰৱৰ্তী সময়ত দেৱশৰ্মাক পশ্চিম কাৰ্বি আংলং জিলাৰ ডিআৰচিআৰ পদৰ পৰাও আঁতৰাই দিয়ে । তদুপৰি এনআৰচি প্ৰকল্পত কাম কৰাৰ বাবে মানসিক আৰু শাৰীৰিকভাৱে কর্মক্ষম নহয় বুলি দেবশর্মাই নিজেই এনআৰচি কৰ্তৃপক্ষক জনাইছিল । যিজন ব্যক্তিক এনআৰচিৰ আংশিক খচৰা প্ৰকাশৰ পূৰ্বেই দায়িত্বৰ পৰা আঁতৰাই দিয়া হৈছিল , সেইজন ব্যক্তিকেই পুনৰ এনআৰচিৰ ৰাজ্যিক সমন্বয়ক হিচাপে যোৱা ০৯.১১.২০১৯ তাৰিখে নিযুক্তি দিয়াটো সম্পূর্ণ ৰহস্যজনক , অযুক্তিকৰ আৰু উদ্দ্যেশ্যপ্রণোদিত । বিগত সময়ত সামাজিক মাধ্যমত সমন্বয়ক দেৱশৰ্মাই চৰম সাম্প্রদায়িক আৰু এনআৰচি বিৰোধী মন্তব্য কৰাৰ বাবে তেওঁৰ নিযুক্তি বাতিল কৰিবলৈ আমছুই উচ্চতম ন্যায়ালয়ত ২৫.১১.২০১৯ তাৰিখে IA No. 179757/2019 in WP ( C ) No. 274/2009 দাখিল কৰে । উচ্চতম ন্যায়ালয়ে এই গোচৰত ০৬.০১.২০২০ তাৰিখে জাননী জাৰি কৰে আৰু গোচৰটো বর্তমান উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে । এনআৰচি চূড়ান্ত তালিকা প্রকাশিত হোৱাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে ০৮.০৭.২০১৯ তাৰিখে দুখন আবেদন অর্থাৎ IA No. 98446/2019 আৰু IA No. 98512/2019 দাখিল কৰি পুনৰীক্ষণৰ বাবে আবেদন জনায় । আবেদনত বাংলাদেশৰ সীমামুৰীয়া জিলাত ২০ শতাংশ আৰু অন্য জিলাসমূহত ১০ শতাংশ পুনৰীক্ষণৰ কথা উল্লেখ কৰে । দাবী আৰু আপত্তি নিষ্পত্তিৰ সময়ত ২৭ শতাংশ লোকৰ পুনৰীক্ষণ হোৱা হেতুকে উচ্চতম ন্যায়ালয়ে ২৩.০৭.২০১৯ তাৰিখে পুনৰীক্ষণৰ বাবে দাখিল কৰা দুয়োখন আবেদন নাকচ কৰে । এনআৰচি সমন্বয় সমিতিৰ ৩০,০১,২০২০ তাৰিখৰ বৈঠকৰ সিদ্ধান্ত মৰ্মে চূড়ান্ত তালিকাৰ পৰা বাদ পৰা সকলৰ ‘ ৰিজেকচন শ্লিপ ত্বৰিত গতিত জাৰি কৰিবলৈ নিৰ্দেশনা প্রদান কৰে । ২০২০ চনৰ ডিচেম্বৰ মাহৰ শেষৰ ফালে ৰিজেকচন শ্লিপ প্ৰদান কৰা হ’ব বুলি হিতেশ দেৱশৰ্মাই এনআৰচি সমন্বয়ক সমিতিৰ ২.৭.২০২০ তাৰিখৰ বৈঠকত অৱগত কৰে৷আশ্চৰ্যজনকভাৱে এনআৰচি সমন্বয় সমিতি আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি ক্ষমতা বহিৰ্ভূতভাৱে ১৩.১০.২০২১ তাৰিখৰ চিঠিৰ জৰিয়তে এনআৰচি পুনৰীক্ষণৰ বাবে ডিআৰচিআৰ সকলক নিৰ্দেশনা প্ৰদান কৰে৷সমন্বয়ক দেৱশৰ্মাৰ এনে মইমতালী আৰু আদালতৰ নিৰ্দেশনা অমান্য কৰাৰ বাবে আমছুই ২৮.১০.২০২০ তাৰিখে উচ্চতম ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰে৷এই গোচৰত ২৯.১.২০২১ তাৰিখে উচ্চতম ন্যায়ালয়ে জাননী জাৰি কৰে আৰু বৰ্তমান গোচৰটো বিচৰাধীন হৈ আছে৷সংবাদমেলত আমছুৰ সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম,ইমতিয়াজ হুছেইন উপস্থিত থাকে৷