এছিয়া কাপ হকীত মালয়েছিয়াৰ বিৰুদ্ধে ড্ৰ ভাৰতৰ

pc Times of India-Indiatimes.com

এছিয়া কাপ হকীত মালয়েছিয়াৰ বিৰুদ্ধে ড্ৰ ভাৰতৰ

ৰঙিলী বাৰ্ত্তাসেৱা- এছিয়া কাপ হকীৰ ছুপাৰ ৪ৰ দ্বিতীয়খন মেচত মালয়েছিয়াৰ বিৰুদ্ধে ড্ৰ ভাৰতৰ। মেচখনৰ শেষ মুহূৰ্ত মালয়েছিয়াৰ ৰাজি ৰহিমৰ হেটট্ৰিকেৰে ৩-৩ গ’লৰ ব্যৱধানত অমীমাংসিতৰূপে সমাপ্ত কৰিবলৈ সক্ষম হয়। ৰহিমে মালয়েছিয়াৰ হৈ তিনিটা পেনাল্টী কর্নাৰ ক্ৰমে ১২, ২১ আৰু ৫৬ মিনিটত গ’ললৈ ৰূপান্তৰিত কৰে।  ২ গ’লত পিছপৰি থকাৰ পিছত ভাৰতে দুর্দান্ত খেলেৰে এটা সময়ত অগ্ৰগতি লাভ কৰিবলৈ সমৰ্থ হৈছিল। ভাৰতৰ হৈ বিষ্ণুকান্ত সিং (৩২), এছ ভি সুনীল (৫৩) আৰু নীলম সঞ্জীৱে (৫৫) গ’লকেইটা দিয়ে।