নীলাচল জাতীয় বিদ্যালয়ত ৰবীন্দ্ৰ জয়ন্তী উদ্‌যাপন

নীলাচল জাতীয় বিদ্যালয়ত ৰবীন্দ্ৰ জয়ন্তী উদ্‌যাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  নীলাচল জাতীয় বিদ্যালয়ৰ উদ্যোগত বিদ্যালয়ৰ প্ৰাংগণত সোমবাৰে ৰবীন্দ্ৰ জয়ন্তী উদ্‌যাপন কৰা হয়৷কাৰ্যসূচীৰ আৰম্ভণিতে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী ভায়োলিনা দাসে বিদ্যালয়লৈ আগবঢ়োৱা নিজে অঁকা ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বালন কৰে বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ কলিতাই৷ ইয়াৰ লগতে কিছুসংখ্যক ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীয়ে কবিগুৰু জনাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে৷ বিদ্যালয়ৰ শিক্ষয়িত্ৰী অনামিকা কলিতাই ৰবীন্দ্ৰনাথ ঠাকুৰৰ জীৱন পৰিক্ৰমাৰ ওপৰত চমু ভাষণ আগবঢ়ায়৷অনুষ্ঠানৰ শেষত বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ কলিতাই ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৰে এগৰাকী বিশ্ব প্ৰসিদ্ধ দাৰ্শনিক কবি,গল্পকাৰ, গীতিকাৰ সুৰকাৰ নৱপ্ৰজন্মৰ আদৰ্শ হোৱা উচিত বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে৷ লগতে কবিগৰাকীৰ অসমৰ সৈতে থকা সুসম্পৰ্ক কথা উল্লেখ কৰি এয়া আমাৰ বাবে গৌৰৱৰ কথা বুলি কয়৷বিদ্যালয়ৰ শিক্ষক জ্যোতিপ্ৰসাদ ডেকাই আঁত ধৰা অনুষ্ঠানটি অধ্যক্ষৰ ভাষণৰ সামৰণিৰ পাছতেই অনুষ্ঠানৰ সামৰণি পেলোৱা হয়৷